বঢ়মপুৰঃ নগাঁও জিলাৰ ৰূপহীহাটৰ কাৱৈমাৰিৰ পুথিখাইটিত বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এজন যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ।
সোণাই নৈৰ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো ৰূপহীহাটৰ তেলিয়াচাপৰিৰ ৰফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল যুৱকজন। জানিব পৰা মতে, যুৱকজনে কিছুদিন পূৰ্বে কাৱৈমাৰিৰ জৰাটনী গাঁৱৰ ফাতেমা খাতুন নামৰ এগৰাকী মহিলাৰ সৈতে গন্ধৰ্ব বিবাহ সম্পন্ন কৰিছিল।
আজি সন্ধানহীন যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ফাতেমা খাতুন নামৰ মহিলাগৰাকীয়ে যুৱকজনক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে উত্তেজিত ৰাইজে। কেৱল অভিযোগ উত্থাপন কৰাতে ক্ষান্ত নাথাকি আইন হাতত তুলি লৈ উত্তেজিত ৰাইজে মহিলাগৰাকীৰ বাসগৃহতো অগ্নিসংযোগ কৰে।
অগ্নিসংযোগৰ পিছতে একাংশ লোকে বাসগৃহৰ চৌহদত মহিলাগৰাকীক চোচৰাই চোচৰাই নিৰ্মম ভাবে প্ৰহাৰ কৰে। ৰাইজৰ প্ৰহাৰত একপ্ৰকাৰ মুমূৰ্ষ হৈ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰি ৰূপহীহাট আৰক্ষীয়ে ৰূপহীহাট মডেল হাস্পতাললৈ প্ৰেৰণ কৰে।
ইফালে তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়।ঘটনাটোক কেন্দ্ৰ কৰি এই পৰ্যন্ত অঞ্চলটোত উত্তেজনা অব্যাহত আছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱা পৰলৈকে কোনো লোককে গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা হোৱা নাই।