তৈয়বুৰ ৰহমানৰ মৃত্যুত ৰাজ্যজুৰি শোঁক

মোৰাঝাৰঃ উওৰ পূব ভাৰত এমাৰতে শ্বৰীয়াহ আৰু নদওৱাতুত তামিৰৰ সভাপতি আমিৰে শ্বৰীয়ত আল্লামা তৈয়বুৰ ৰহমান বড়ভূঞাৰ আজি নিজ বাস ভৱনত মৃত্যু হ’য়৷

উল্লেখযোগ্য যে কেইবামাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৰহমান৷ হাইলাকান্দিস্থিত বাসভৱনত ৮৮ বছৰ বয়সত মৃত্যু হয়৷ ৰহমানৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলা।

হোজাইৰ দল সংগঠনৰ লগতে সমন্বয় গোষ্ঠী অসম, নীলাবাগান শাখা সাহিত্য সভা, প্ৰতিভা সাৰথি সংস্থা, মোৰাঝাৰ শাখা কবি সন্মিলন, মোৰাঝাৰ ক্ৰীড়া সন্থা, নীলবাগান ক্ৰীড়া সন্থা,মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজ পৰিয়াল, নদুওৱাত তামিৰৰ হোজাই জিলা আৰু আঞ্চলিক সমিতি,সদৌ অসম সাংবাদিক সন্থা, সদৌ হোজাই জিলা ছাত্ৰ সন্থা,আমছু হোজাই জিলা সমিতি, হোজাই জমিয়ত ,হোজাই এ আই ইউ ডি এফ, হোজাই কংগ্ৰেছ, হোজাই অগপ, কে এ ভি পাৰ্ফিউম গোষ্ঠীকে ধৰি দল সংগঠনে শোঁক প্ৰকাশ কৰে৷