ডিজিটেল ডেস্কঃ ডিজিটেলৰ দিশে ভাৰত৷ কিন্তু কিমান সফল হ’ব পাৰিছে? ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশ এখনক মোডীয়ে সপোনৰ ডিজিটেল ভাৰত গঢ়াত সফল হৈছে জানো! নোটবন্দীৰ বৰ্ষপূৰ্তিত সমগ্ৰ দেশতে উত্থাপিত হৈছে এই প্ৰশ্ন, কিয়নো দেশ জুৰি হ্ৰাস পাইছে ATM-ৰ সংখ্যা৷

সাম্প্রতিক এক ৰিপোর্টত দেখা গৈছে, জুনৰ পৰা আগষ্টলৈ দেশত বন্ধ কৰা হৈছে মুঠ ৩৫৮ টা ATM৷ যোৱা বছৰ নোটবন্দিৰ আগে আগে ATM-ৰ সংখ্যা ৩.৬% বঢ়োৱা হৈছিল৷ এই বছৰ তাৰ ওলোটা ০.১৬% কমোৱাহে হ’ল৷ দেশত এইয়ে প্রথম  ATM-ৰ সংখ্যা হ্ৰাস।

ATM-ৰ সংখ্যা হ্ৰাসহোৱাৰ তালিকাত ষ্টেট বেংক আৰু এইচ ডি এফ চিৰ দৰে ডাঙৰ বেংক সমুহো আছে৷ দেশৰ বৃহত্তম বেংক SBI-ৰ সমগ্ৰ দেশজুৰি ATM-ৰ সংখ্যা জুন মাহত আছিল ৫৯,২৯১, কিন্তু অগাষ্ট মাহত এই সংখ্যা হ্ৰাস পায় ৫৯,২০০ লৈ। একেদৰেই HDFC ৰো দেশজুৰি ATM-ৰ সংখ্যা ১২,২৩০ৰ পৰা ১২,২২৫ হৈগৈ।