পাথৰিঘাট: দেশৰে নহয়, বিশ্বৰে অন্যতম আগশাৰীৰ পৰমাণু গৱেষণা কেন্দ্ৰ ভাবা পৰমাণু গৱেষণা কেন্দ্ৰত গৱেষণাৰ সুযোগ লাভ কৰিছে মঙলদৈৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। এই মেধাৱী ছাত্ৰীগৰাকী হ’ল মঙলদৈ চহৰৰ শান্তিপুৰৰ নিবাসী তথা গৰুগাড়ী আৰু ম'হৰ গাড়ীৰ চকা নিৰ্মাতা ব্যৱসায়ী শিৱ চন্দ্ৰ শমাৰ প্ৰথমা কন্যা দীপা শৰ্মা।

দীপাই সম্প্ৰতি গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ত 'ৰেডিঅ'লজিকেল ফিজিক্স' বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে। অহা ১ জুলাইত মুম্বাইৰ ভাবা পৰমাণু গৱেষণা কেন্দ্ৰলৈ দুমাহৰ গৱেষণাৰ বাবে দীপাই উৰা মাৰিব।

তাত তেওঁ নিউক্লিয়াৰ ডিটেক্টৰ বিষয়ত গৱেষণা কৰিব। ইয়াক লৈ মেধাৱী ছাত্ৰীগৰাকী দীপাৰ আথিক সংকটৰ সন্মুখীন হৈছে। সেয়েহে তেওঁ মঙলদৈৰ কেইবাগৰাকী ব্যক্তিৰ সৈতে যোগাযোগ কৰি ধন সংগ্ৰহত ব্ৰতী হৈছে।

এই ক্ষেত্ৰত ছাত্ৰীগৰাকীলৈ ইতিবাচক সঁহাৰি আগবঢ়াইছে ক্ৰমে বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ ৰমাকান্ত বৰা, স্বেচ্ছাসেৱী অনুষ্ঠান ক্ৰিষ্টেল ভিজন, সমাজকৰ্মী শেখৰ মজুমদাৰ, নয়নমণি শমা আৰু ময়ূখ গোস্বামীয়ে। দীপা হৈছে ভাবা পৰমাণু কেন্দ্ৰৰ পৰা এনে আমন্ত্ৰণ লাভ কৰা উত্তৰ -পূবৰ প্ৰথম গৰাকী ছাত্ৰী।

উল্লেখ্য যে দীপাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ ৮০.২  শতাংশ , উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তিনিটা বিষয়ত লেটাৰ সহ ৭০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱাৰ পাছত মঙলদৈ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিষয়ত ৭০ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰী লাভ কৰে।