newsnextone.com | ডিজিটেল ডেস্কঃ সাধাৰণ ৰেল যাত্ৰীৰ এটা সমস্যা হৈছে লোকেল ট্ৰেইনৰ অনিৰ্ধাৰিত সময়সূচী৷ প্ৰয়োজনতকৈ পলমকৈ গন্তব্য স্থানত উপস্থিত হোৱা বাব বহু ক্ষেত্ৰত সাধাৰণ ৰেলযাত্ৰী সময়ৰ অসুবিধাৰ সন্মুখীন হয়৷ বিশেষকৈ প্ৰতিদিনে ৰেল যাত্ৰাৰে কৰ্মজীৱন চলাই নিয়া চৰকাৰী-বেচৰকাৰী কৰ্মীসকল ৰেলৰ এই অগতানুগতিকতাৰ বাবে নিৰ্দিষ্ট সময়ত কৰ্মস্থলীত উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হয়৷
এই অসুবিধাৰ বিষয়ে উত্থাপন কৰি বিভিন্নজনে সময়ে সময়ে অভিযোগ উত্থাপন কৰি অহা পৰিলক্ষিত হৈ আহিছে যদিও ইয়াৰ এটা উচিত সমাধান চৰকাৰে উলিয়াবলৈ সক্ষম হোৱা নাই৷
শেহতীয়াকৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ এক নিৰ্দেশনাই সাধাৰণ ৰেল যাত্ৰীৰ এই অসুবিধাক প্ৰধ্যন্য দিয়া যেন অনুমান কৰা হৈছে৷ কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে সকলো আঞ্চলিক ৰেল বিভাগক সতৰ্ক কৰি দি নিৰ্দেশ জাৰি কৰে যে যদি নিৰ্ধাৰিত সময়ত ৰেল চলাচল নকৰে, তেন্তে ৰেল কৰ্মচাৰীৰ পদোন্নতি বন্ধ কৰি ৰখা হ’ব৷
লগতে বিভাগীয় বিষয় ববীয়াৰ দায়িত্বহীনতাৰ বাবেই ৰেল চলাচলত পলম হয় বুলি উল্লেখ কৰি ৰেল যাত্ৰাত পলম হ’লে বিষয়-ববীয়াই চাকৰি পৰ্যন্ত হেৰুৱাবলগীয়া হ’ব পাৰে বুলি কঢ়া নিৰ্দেশ দিছে ৰেল মন্ত্ৰীয়ে৷
সমীক্ষা অনুসৰি বিগত বিত্তীয় বৰ্ষৰ তুলনাত চলিত বৰ্ষত ৰেল নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলাৰ ঘটনা বহু পৰিমানে বৃদ্ধি হৈছে৷ চলিত বিত্তীয় বৰ্ষত লোকেল ট্ৰেইনসমূহ নিৰ্দিষ্ট সময়তকৈ পলমকৈ চলি আছে৷ ইফালে এই বিষয়ে কিছু দিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজাববীয়াকৈ এক অনুসন্ধান চলায়৷
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে ৰেল বিভাগত সময় নীতি কটকটীয়া কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰে ৰেল মন্ত্ৰীয়ে৷ ৰেল লাইনত কাম চলি থকাৰ অজুহাত দেখুৱাই ৰেল চলাচলত পলম কৰিলেও কৰ্তব্যৰত ৰেল কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰেল মন্ত্ৰীগৰাকীয়ে৷ সময়ানুবৰ্তিতাৰ সংশোধন কৰিবলৈ সশ্লিষ্ট আঞ্চলিক ৰেল দপ্তৰক এমাহৰ সময় বান্ধি দিয়া হৈছে৷
ৰেলৰ আঞ্চলিক জেনেৰেল মেনেজাৰৰ সৈতে এখন বৈঠকৰ পিছত ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে এই বিষয়ে জানিবলৈ দিয়ে৷ আনহাতে উত্তৰ ৰেলবিভাগৰ কাৰ্যক লৈ মন্ত্ৰীগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হয়৷ ৩০ জুনৰ ভিতৰত ট্ৰেন দেৰিকৈ চলাৰ সামগ্ৰিক অৱস্থাৰ যদি উত্তোৰণ নঘটে, তেন্তে সংশ্লিষ্ট ৰেল ক্ষেত্ৰৰ জেনেৰেল মেনেজাৰজনৰ চাকৰি সংকটত পৰিব বুলি জানিব পৰা গৈছে৷