ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানীত বিক্ৰী হয় কিশোৰী। হয়, দিল্লীৰ কথাই কৈছো। দিল্লীত বিক্ৰী হয় কিশোৰী। দিল্লী আৰক্ষীৰ তত্পৰতাত বিক্রি হোৱাৰ পৰা এগৰাকী ১৫ বছৰীয়া ৰক্ষা পৰাত এই ঘটনা পোহৰলৈ আহে।
বিহাৰৰ কিশোৰী গৰাকী দিল্লীত ৩ লাখ ৫০ হাজাৰ টকাত বিক্ৰীৰ চেষ্টা কৰিছিল দুজন নাৰী দেহ ব্যৱসায়ীয়ে। গ্ৰাহক হিচাপে সাজি গৈ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে ব্যবসায়ী দুজনকো আটক কৰিবলৈ সক্ষম হয়৷
প্রায় এবছৰ পূৰ্বে বিহাৰৰ পৰা কিশোৰীক বিয়া কৰাৰ কথা কৈ দিল্লী লৈ আহিছিল দুই দালালে। তাইক দেহ ব্যৱসায়ত নমাৰ বাবে বাধ্য কৰা হয়। তাৰ পিছত বিক্ৰী কৰাৰ চেষ্টা চলাই কিশোৰীগৰাকীক। আৰক্ষীয়ে এই খবৰ লাভ কৰি অভিযান চলাই গ্রেপ্তাৰ কৰে দুই দালালক। কিশোৰীক পৰিয়ালৰ লোকক গতাই দিয়ে৷
মধ্য দিল্লীৰ কমলা মার্কেটেৰ এচএইচঅত কিশোৰীগৰাকী বিক্ৰীৰ বাবে ফোন কৰে দালালে, আৰু ভুল ৱশতঃ ফোন গৈ লাগে আৰক্ষী বিষয়া এজনৰ নম্বৰত৷ আৰক্ষীয়ে ফোন লাভ কৰি গণিকালয়ৰ মালিক হৈ লোক দুজনক সাক্ষাৎ কৰে। কেইবাদিনো সাক্ষাৎ কৰি বিশ্বাস দিয়াৰ পিছত কিশোৰীগৰাকীক বিত্ৰীৰ বাবে সাজু হয় দালাল দুজনে৷ অৱশেষত ফান্দত পেলাই কিশোৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।