newsnextone.com | ডিজিটেল ডেস্কঃ আশাৰাম বাপু, ৰাম ৰহিম, ৰামপাল আদিবোৰ একো একোজন ধৰ্মগুৰু আছিল৷ এই গুৰু বা বাবা সকলে মানুহৰ অন্ধবিশ্বাসৰ সুযোগ লৈ ধৰ্মৰ নামত এক বিশাল বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷
আনহাতে মানুহৰ বিশ্বাসৰ আঁৰত এইকেইজন ভণ্ড বাবাই বিভিন্ন অসমাজিক কামতো লিপ্ত আছিল৷ মহিলাক ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ অভিযোগত দোষী সাব্যস্ত হৈ আশাৰাম বাপু, গুৰমিত ৰাম ৰহিম, ৰামপাল আদি ভণ্ড ধৰ্মগুৰুৱে সদ্যহতে কাৰাগাৰত বন্দী জীৱন কটাবলগীয়া হৈছে৷
শেহতীয়াকৈ দেশৰ আন এগৰাকী আগশাৰীৰ বাবাৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণ আৰু নিৰ্যাতনৰ অভিযোগ৷ দিল্লীৰ খ্যাতিসম্পন্ন বাবা তথা শনি ধামৰ অধ্যক্ষ দাতী মহাৰাজ নামৰ বাবাগৰাকীৰ বিৰুদ্ধে এইবাৰ ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে৷ তেওঁৰ এগৰাকী মহিলা শিষ্যাৰ অভিযোগৰ ভিত্তিত বাবা দাতী মহাৰাজৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰা ৩৭৬, ৩৭৭, ৩৫৪ আৰু ৩৪ অধীনত গোচৰ ৰুজু কৰিছে৷
নিজকে নিৰ্যাতিতা বুলি দাবী কৰা মহিলাগৰাকীৰ অভিযোগ অনুসৰি, দাতী মহাৰাজে ২ বছৰ পূৰ্বে শনি ধামত তেওঁক ধৰ্ষণ কৰে৷ ধৰ্ষণৰ পিছত দাতী মহাৰাজে মহিলাগৰাকীক ভাবুকি প্ৰদান কৰে যে যদি এই বিষয়ে আনক অৱগত কৰা হয় তেন্তে মহিলাগৰাকীক মাৰি পেলোৱা হ’ব৷
আনহাতে ভণ্ড বাবা গৰাকীয়ে প্ৰায়ে মহিলাগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই অহা বুলি দাবী কৰে মহিলাগৰাকীয়ে৷ মহিলাগৰাকীয়ে মৃত্যুৰ ভয়ত যোৱা দুটা বছৰে মনে মনে আছিল যদিও শেহতীয়াকৈ তেওঁৰ ওপৰত চলা নিৰ্যাতনৰ মাত্ৰা বৃদ্ধি পোৱাত আৰক্ষীৰ ওচৰত বাবা দাতী মহাৰাজৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷
উল্লেখ্য যে, দাতী মহাৰাজৰ প্ৰকৃত নাম মদন৷ দাতী মহাৰাজে সাধাৰণতে সংবাদ মাধ্যমত ৰাশিফল ব্যাখ্যা কৰে আৰু দিল্লীৰ নিজা ফাৰ্ম হাউচত বাস কৰে৷ ইয়াৰ উপৰি ৰাজস্থানৰ পালীতো বাবা দাতী মহাৰাজৰ এটা সুবিশাল ফাৰ্ম হাউচ আছে৷
তেওঁ ৰাশিফল কোৱাৰ উপৰিও সমাজ সেৱাৰ বাবেও পৰিচিত৷ ছোৱালীক শিক্ষা দান কৰাৰ লগতো তেওঁ দীৰ্ঘ সময় ধৰি জৰিত হৈ আছে৷ যাৰ বাবে ছ’চিয়েল মাধ্যমত তেওঁ যথেষ্ট সক্ৰিয় হৈ থাকে৷
আৰক্ষীয়ে মহিলা গৰাকীৰ অভিযোগ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ যদি মহিলাগৰাকীৰ অভিযোগ সঁচা প্ৰমাণিত হয়, তেন্তে দেশৰ আন এগৰাকী বাবাই মানুহৰ ধৰ্মীয় বিশ্বাসক মষিমূৰ কৰিব৷