ডিজিটেল ডেস্কঃ আত্মা সন্মান হানি হোৱাৰ ভয়ত পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল নকৰাত এন্ধাৰত ৰৈ গৈছিল এটি ভয়াবহ ঘটনা৷ বহু পলমকৈ যেতিয়া এই ঘটনা পোহৰলৈ আহিল তেতিয়া সৃষ্টি হ’ল তীব্ৰ চাঞ্চল্যৰ৷ পুনৰ ভয়াবহ যৌন নিৰ্যাতনৰ ঘটনাই কপাইছে দিল্লীক৷
এইবাৰ দিল্লীৰ ৰোহিনী এলেকাত দুজন কিশোৰক দহগৰাকী লোকে ৫ ঘন্টা ধৰি যৌন কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অৱশেষত আৰক্ষীয়ে ব্যাপক অভিযান চলাই অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ঘটনা যোৱা ২৬ অক্টোবৰত সংঘটিত হয় যদিও বহু পলমকৈ পোহৰলৈ আহে৷ বহু পলমকৈ আৰক্ষীক অভিযোগ দাখিল কৰে নিৰ্যাতনৰ সন্মুখীন হোৱা কিশোৰৰ পৰিয়ালে৷ যৌন ক্ৰিয়া, যৌন নিগ্ৰহ তথা শিশুৰক্ষা আইনৰ অধিনত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ আয়ুক্ত দীপেন্দ্ৰ পাঠকে৷
জানিব পৰা মেত, ১৩-১৫ বছৰীয়া দুই কিশোৰে ২৬ অক্টোবৰত হোলাম্বি কালানলৈ ঘুৰিব আহে৷ উক্ত এলেকাৰ বাসিন্দা কানৱাৰ সিঙে দুয়ো কিশোৰৰ বিৰুদ্ধে চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি তেওলোকক ঘৰলৈ লৈ যায়৷ কেইজনমান বন্ধুক ঘৰলৈ মাতি আনি কানৱাৰ সিঙে দুয়ো কিশোৰক প্ৰথমে বেয়াকৈ মাৰ-ধৰ কৰে৷ বেল্ট খুলি মাৰ ধৰ কৰাৰ পিছতো চুৰি কৰা বুলি স্বীকাৰ নকৰে দুয়ো কিশোৰে৷
কেৱল ইমানে নহয় দুয়ো কিশোৰক পৰস্পৰে যৌন নিৰ্যাতনত লিপ্ত কৰিবলৈ বাধ্য কৰে৷ সমস্ত ঘটনাৰ মোবাইল আবদ্ধ কৰে৷ যৌনাংগত পেট্ৰল, চিগাৰেটৰ জুই আৰু জলকিয়াৰ গুৰি সানি দিয়ে৷ পৰিয়ালে দুয়ো কিশোৰক আম্বেদকাৰ হস্পিতালত চিকিৎসা কৰায় যদিও আৰক্ষীক খবৰ দিয়া নাছিল৷ যেতিয়া ভিডিঅ’টো ইন্টাৰনেটত আপলোড কৰাত ভাইৰেল হয় তেতিয়াহে পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল কৰে৷