newsnextone.com | ডিজিটেল ডেস্কঃ কেমেৰাত বিভিন্ন ভাৱ ভংগীমাৰে নিজক আবদ্ধ কৰিবলৈ মন কাৰনো নাথাকে৷ মানুহৰ মনৰ এই ফটো তোলা আগ্ৰহৰ চাহিদা পূৰাবলৈকে মোবাইল নিৰ্মাতা সকলেও আজিকালি বেষ্ট কুৱালিটিৰ কেমেৰা মোবাইল ফোনত সংযুক্ত কৰিছে৷ যাতে সুন্দৰ কেমেৰাৰে সকলোৱে নিজক সময়ৰ পাতত আবদ্ধ কৰি ৰাখিব পাৰে৷

কিন্তু চেলফি উঠিবলৈ গৈ বিপদত পৰা ঘটনাও বহু ঘটিছে৷ কেতিয়াবা যদি ফটো উঠিবলৈ গৈ ঘৰিয়ালৰ আহাৰ হোৱাৰ ভিডিঅ’ ভাইৰেল হৈছে, কেতিয়াবা আকৌ বৰলৰ লৈতে চেলফি উঠিবলৈ গৈ বৰলে কামোৰা মুখৰ ফটোও ভাইৰেল হৈছে৷ কিন্তু ইমানৰ পিছত চেলফি উঠাৰ হেপাহ মানুহৰ কম হোৱা নাই৷ নতুন ঠাইত, নতুন পৰিস্থিতিত চেলফি উঠিবলৈ সকলোৱে ইচ্ছা কৰে৷

কিন্তু মহাৰাষ্ট্ৰত পুনৰ এবাৰ চেলফি উঠিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই৷ মঙলবাৰে জাতিয় চেলফি দিৱসৰ দিনা সংঘটিত হোৱা এই ঘটনাৰ কথা পোহৰলৈ আহে বুধবাৰে৷ স্বামীৰ সৈতে চেলফি উঠিবলৈ গৈ ৯০০ ফুট গভীৰ দ খাৱৈত পৰি মৃত্যু ঘটে এগৰাকী ৩৫ বৰ্ষীয় মহিলাৰ৷

জানিব পৰা মতে, পুনেত থকা আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ আহি ৰায়গড়ৰ মাথাৰাণত সপৰিয়ালে গৈছিল দিল্লীৰ বাসিন্দা তথা পেইন্টিং কনট্ৰাক্টৰ ৰাম চৌহান৷ লগত আছিল তেওঁৰ পত্নী সৰিতা চৌহান আৰু তিনি সন্তান৷ ৩৮ বৰ্ষীয় চৌহানৰ ডাঙৰজনী কন্যা অষ্টম শ্ৰেণীৰ ছাত্ৰী৷

সন্ধিয়া প্ৰায় ৬.১৫ বজাত লুইচা পইন্টৰ সমীপত চেলফি উঠি সেই নান্দনিক দৃশ্যৰাজিৰ সৈতে নিজকে আবদ্ধ কৰিব বিচাৰিছিল ৰাম আৰু সৰিতাই৷ আনহাতে তেওঁলোকৰ কাষতে ধেমালিত ব্যস্ত হৈ আছিল তেওঁলোকৰ তিনিওটা সন্তান৷ সেই সময়ত প্ৰচণ্ড বতাহো বলি আছিল৷ 

চেলফি উঠা সময়ত হঠাৎ ভৰি পিচল খাই ৯০০ ফুট গভীৰ দ খাৱৈত পৰি যায় সৰিতা৷ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ উপস্থিত অন্যান্য লোকৰ সহায়ত স্বামী ৰাম চৌহানে আৰক্ষীক খবৰ দিয়ে৷ পিছত অঞ্চলটোক বাসিন্দা আদিৱাসী লোক আৰু আৰক্ষীয়ে মিলি সৰিতাৰ ক্ষত-বিক্ষত শৰীৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷