ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ লগতে গাঞে-ভূৱে এতিয়া ডেংগুৰ আতংক৷ একাংশ লোকৰ জ্বৰ হ’বলৈ আৰম্ভ কৰাত তেজ পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে শ শ লোক৷ ইতিমধ্যে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু ডেংগু ৰোগী ধৰা পৰিছে৷ একপ্ৰকাৰ ৰাজ্যখন এতিয়া ডেংগু জ’নত পৰিণত হৈছে৷

তাৰ পিছতো ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ চিকিৎসালয় সমূহত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত চিকিৎসক, চিকিৎসা কৰ্মী, নোহোৱাৰ অভিযোগ উত্থাপন হৈছে৷ তাৰ মজতে প্ৰশাসনৰ একাংশ লোক গুণোৎসৱত ব্যস্ত হৈ থকাৰ সময়তে ডেংগুক লৈ বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থকা দেখা নগল ৰাজ্য প্ৰশাসনক৷

যেতিয়া ডেংগুত আক্ৰান্ত হৈ দুই তিনিজন লোক মৃত্যুমুখত পৰে তেতিয়া হে সাৰ পায় প্ৰশাসন কিম্বা চৰকাৰ৷ বৰষুণ এৰাৰ লগে লগে নলা-নৰ্দমা পৰিস্কাৰ কৰাৰ লগতে মহ খেদা তথা মৰাৰ ব্যৱস্থা কৰা দেখা নাযায় অসমত৷ ডেংগু ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তো কেন্দ্ৰ ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী সৰৱ হৈ পৰে ডেংগু ৰোগক লৈ৷ মুখ্যমন্ত্ৰী মমতাই একাংশ লোকে বিভ্ৰান্তি কৰ খবৰ প্ৰচাৰ কৰা বুলি খোচ্চাৰ হৈ পৰে৷

ব্যক্তিগত খণ্ডৰ লেবৰটৰীয়ে মিছা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে৷ স্বাস্থ্য বিভাগৰ সচিব, ৰাজ্যৰ মুখ্য সচিব সহিতে কেবাগৰাকী লোকক ব্যৱসায়ৰ স্বাৰ্থক মিছা প্ৰচাৰ কৰা লেবৰটৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে ডেংগু ৰোগৰ নিৰাময়ৰ বাবে সস্তম হ’বলৈ নিৰ্দেশ দিয়ে৷ পশ্চিম বংগৰ কেবাখনো জিলাত বিগচ আংঠ মাহত ২৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে শেহতীয়াকৈ ১৪গৰাকী লোকৰ মৃত্যু হয়৷ এক কথাত কবলৈ গলে অসম আৰু পশ্চিম বংগত এতিয়া ডেংগু ৰোগে মহামাৰিৰ ৰূপ ধাৰণ কৰিছে৷ একাংশ লোকে পশ্চিম বংগত ডেংগু ৰোগ সন্দৰ্ভত তথ্য লুকুৱাৰো অভিযোগ উত্থাপন কৰে মমতা চৰকাৰৰ বিৰুদ্ধে৷