ডিজিটেল ডেস্কঃ কন্যাক হত্যাৰ অভিযোগত জেলত থাকিব লগা হৈছিল চিকিৎসক দম্পত্তি ৰাজেশ টলৱাৰ আৰু নুপুৰ টলৱাৰ৷ ১২ অক্টোবৰ আদালতে তেওলোকক অভিযোগ মুক্ত কৰে৷ ১৬ অক্টোবৰত জেলৰ পৰা ওলাই ঘৰলৈ গৈছিল চিকিৎসক দম্পত্তিয়ে৷ জেলত থকা কালত তেওলোকে জেলৰ বিষয়া-কৰ্মচাৰি কয়দীক বিনা বেতনে চিকিৎসা কৰিছিল৷ বিগত চাৰিবছৰ ধৰি দাতৰ চিকিৎসা কৰে নুপুৰ দম্পত্তিয়ে৷ জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাবৰ সময়ত তেওলোকে চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবদ লাভ কৰা  ৪৯,৫০০ টকাও লবলৈ সন্মত নহ’ল৷ নুপুৰ দম্পত্তিয়ে চাৰি বছৰৰ অৱদান পাহৰিব পৰা নাই দাঞ্চনা জেল কৰ্তৃপক্ষই৷

ইমানে নহয় উত্তৰ প্ৰদেশ চৰকাৰে দাঞ্চনা জেলত নিৰ্মাণ কৰি থকা ডেন্টেল ক্লিনিকৰ নাম ৰাখিব আৰুচিৰ নামেৰে৷ এই কথা খোদ ঘোষণা কৰে উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী জয় কুমাৰ সিঙে৷ জানিব পৰা মতে, দাঞ্চনা জেলৰ ডেন্টেল ক্লিনিক খন বন্ধ হৈ আছিল৷ নুপুৰ দম্পত্তিয়ে জেল খনলৈ অহাৰ পিছতে পুনৰ সক্ৰিয় হৈ ডেন্টেল খন৷ জেলৰ পৰা ওলাই যোৱাৰ সময়ত ডেন্টেল ক্লিনিক খন বন্ধ নকৰিবলৈ আৰু কন্যা আৰুচিৰ নামত নামকৰণ কৰিবলৈ আহ্বান জনায়৷ উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে নুপুৰ দম্পত্তিয়ে ডেন্টেল ক্লিনিক খনৰ বাবে বহু কৰিলে বুলি কয়৷

জেলত থকা বন্দীসকলৰ বাবে তেওলোকে বহুত কৰিলে৷ ১৫ জিনৰ ভিতৰত উচ্চ পদস্থ বিষয়াৰ লগতে তেওলোকৰ ঘৰলৈ মই গৈ তেওলোকক এই কথা জনাম বুলি কয় মন্ত্ৰী জয় কুমাৰ সিঙে৷ ১৬ অক্টোবৰৰ দিনৰ প্ৰায় ১২-৩০ বজাত গাজিয়াবাদৰ দাঞ্চনা জেলৰ পৰা প্ৰায় চাৰি বছৰৰ মূৰকত জেলৰ পৰা দম্পত্তি হাল ওলাই আহে৷ দেশ কপোৱা আৰুচি হত্যাকাণ্ডৰ গোচৰৰ পাঁচ বছৰৰ তদন্তৰ অন্তত ন্যায়লয়ে দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছিল পিতৃ-মাতৃক৷ আৰুচিৰ পিতৃ-মাতৃক ৰাজেশ টলৱাৰ আৰু নুপুৰ টলৱাৰক যাৱজ্জীৱন কাৰদণ্ড ঘোষণা কৰে৷

গাজিয়াবাদৰ বিশেষ আদালতে পিতৃ-মাতৃক হত্যাকাৰী সজাই এই ৰায় প্ৰদান কৰে৷ ২০১৩ চনৰ ২৫ নৱেম্বৰত এই ৰায় ঘোষণাৰ পিছতে এই ৰায়ক একপক্ষীয় বুলি অভিহিত কৰিছিল নুপুৰ দম্পত্তীয়ে৷ সংবাদ মাধ্যমৰ প্ৰচাৰে ৰায়ক প্ৰভাৱিত কৰা বুলি অভিযোগ উত্থাপন কৰি তেওলোকৰ অধিবক্তাই ৰায়ৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়লয়ত আবেদন কৰাৰ কথা ঘোষণা কৰে৷ সেই সময়ত এই ৰায়ে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷

সুদীৰ্ঘ প্ৰায় চাৰি বছৰৰ অন্তত জেলত দিন কটোৱা নুপুৰ দম্পত্তীক অভিযোগ মুক্ত কৰি কৰি মুকলি দিয়াৰ বাবে ৰায় ঘোষণা কৰে এলাহাবাদ উচ্চ ন্যায়লয়ে৷ চিবিআইৰ বিশেষ আদালতে আৰুচি আৰু হেমৰাজ হত্যাৰ গোচৰৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়লয়ত দোষ মুক্ত হ’ল নুপুৰ দম্পত্তী৷ ২০০৮ বৰ্ষৰ ১৫ মে’ত উত্তৰ প্ৰদেশৰ নয়ডাৰ এটি ফ্লেটৰ কোঠাত চিকিৎসক নুপুৰ টলৱাৰ আৰু ৰাজেশ তলোৱাৰৰ কন্যা আৰুচিৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ তাৰ দুদিন পিছত ফ্লেটৰ ছাদত উদ্ধাৰ হয় ঘৰুৱা বনকৰা লোক হেমৰাজৰ মৃতদেহ৷

কন্যা আৰুচি আৰু কাম কৰা লোক হেমৰাজক অসংযত অৱস্থাত দেখা পায় পিতৃ-মাতৃয়ে হত্যা কৰা বুলি ব্যাপক অভিযোগ উত্থাপন হৈছিল৷ কেৱল ইমানে নহয় পিতৃ ৰাজেশৰ বিবাহবহিৰ্ভূত সম্পৰ্কৰ কথাও অৱগত অৱগত হোৱা বুলি সেই সময়ত ব্যাপক প্ৰচাৰ হৈছিল৷ পৰিয়ালৰ আত্মা সন্মান বচাবলৈ গল্ফ ষ্টিকেৰে কন্যা আৰুচি আৰু হেমৰাজক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷

কন্যা আৰু বনকৰা লোকজনক হত্যা কৰাত পত্নী নুপুৰে স্বামী ৰাজেশক সহায় কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছিল৷ দম্পত্তী হালে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ খণ্ডন কৰি আহিছল যদিও তদানীন্তন মায়াবতী চৰকাৰে চিবিআইক তদন্তৰ নিৰ্দেশ দিয়ে৷ চিবিআইয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ তথা দম্পত্তী হালৰ আচৰনত ঘটনাৰ সৈতে জড়িত বুলি প্ৰকাশ কৰিছিল আদালতত৷ প্ৰায় চাৰি বছৰৰ মূৰকত মুকলি আকাশৰ তললৈ ওলাই অহাৰ বাট প্ৰশস্ত হ’ল টলৱাৰ দম্পত্তিৰ৷