ধিংঃ এইবাৰ ভূ-মাফিয়াৰ ৰূপত মানৱ সম্পদ গঢ়াৰ খনিকৰ৷ দৰিদ্ৰ পৰিয়ালৰ ভূমিৰ মোহত পৰি পৱিত্ৰ শিক্ষা বৃত্তিটোক কলংকিত কৰাৰ অভিযোগ উঠিছে এগৰাকী টেট শিক্ষকৰ বিৰুদ্ধে।
নগাওঁ জিলাৰ ধিঙৰ জৰামাৰীত সংঘটিত হৈছে এই ঘটনা। জৰামাৰীৰ অতি দৰিদ্ৰ ৰহমত অালীৰ ঘৰ-বাৰী শিক্ষকৰূপী ভূ-মাফিয়া জাকিৰ হুছেইনে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছিল৷
জাকিৰৰ নেতত্বত ১০-১১ জনীয়া এটি দলে দৰিদ্ৰ ৰহমত অালীৰ ঘৰ-বাৰী জ্বলাই বলপূৰ্বক ভূমি দখল কৰিছিল। কেৱল ইয়াতে ক্ষান্ত নাথাকি শিক্ষক জাকিৰে সাংগো-পাংগো লৈ দৰিদ্ৰ লোকজনৰ প্ৰায় ৫ বিঘা মাটিৰ মাকৈ খেতি কাটি লৈ যায়।
দৰিদ্ৰ ৰহমত অালীয়ে সাংগো-পাংগোক সকলক মাকৈ কটাত বাধা দিয়ে যদিও তেওক মাৰধৰ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত ৰহমত অালীয়ে ধিং থানাত এজাহাৰ দাখিল কৰে।
ধিং অাৰক্ষীয়ে অভিযান চলাই কাটি নিয়া মাকৈ খিনি উদ্ধাৰ কৰে যদিও শিক্ষক জাকিৰ হুছেইনকে ধৰি দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা অাজি পৰ্যন্ত গ্ৰহণ কৰা পৰিলক্ষিত নহল।
শেহতীয়াকৈ ৰহমত অালীৰ ঘৰ-বাৰী মোকলাই দিয়াৰ বাবদ ২ লাখ টকা দাবী কৰিছে ভূ-মাফিয়াৰ দলটোৱে। এই বিষয়েও ধিং অাৰক্ষীক ৰহমতে অৱগত কৰিছে যদিও অাৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাত এতিয়াও মুকলি অাকাশৰ তলত মুক্ত মনেৰে ঘূৰি ফুৰিছে দুৰ্বৃত্তৰ দলটোৱে। উপায়হীন দৰিদ্ৰ ৰহমত অালীৰ পৰিয়ালে আজি সংবাদ মাধ্যমক সমস্ত ঘটনা বিৱৰি কয়৷