ছৈখোৱাঃ ২৬ মে’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰা শুভ উদ্বোধন হ’ল এচিয়া মহাদেশৰ ভিতৰত দ্বিতীয় তথা ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম দীৰ্ঘতম দলং ধলা-শদিয়া সংযোগী ৰাইজৰ বহু প্ৰত্যাশিত ড. ভূপেন হাজৰিকা সেতু।

এই দলং শুভ উদ্বোধনীৰ পাছতেই শদিয়া বাসীৰ বহুদিনীয়া সপোন বাস্তৱত ৰূপায়িত হোৱাৰ লগতে কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতো অসমৰ ব্যৱসায়-বাণিজ্যিকে ধৰি সৰ্বাসাধাৰণৰ বাবে যোগাযোগ ব্যৱস্থা সুচল হৈ উঠিল।

কিন্তু তীব্ৰবেগী বাহনে বিপৰ্যয় মাতিছে পশুধনৰ বাবে। অধিক হাৰত যান-বাহনৰ চলাচলৰ ফলত বিপদ সংকুল হৈ পৰিছে পথটো। দেশৰ দীৰ্ঘতম দলং খন এবাৰ স্বচক্ষে চাবলৈ বিভিন্ন প্ৰান্তত পৰা বহু লোকৰ আগমন হোৱাত এক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হৈছে এই ধলা-শদিয়া সংযোগী সেঁতু।

তীব্ৰ বেগী গাড়ীৰ খুন্দাত দলং শুভ উদ্বোধনীৰ পৰা মাত্ৰ কেইটামান দিনৰ ভিতৰতে দলং সংযোগী পথত ১৫/২০ টাতকৈও অধিক গৰু মৃত্যু মুখত পৰাৰ পৰিলক্ষিত হৈছে।মাত্ৰ কেইটামান দিনৰ ভিতৰতে এইদৰে তীব্ৰ বেগী গাড়ীৰ খুন্দাত পশুধনৰ মৃত্যু ঘটাত স্থানীয় বুকাপথাৰ, তালাপ, ডাঙৰী আদি অঞ্চলৰ কৃষিজীৱী ৰাইজৰ ব্যাপক ক্ষতি হোৱা দেখা গৈছে। 

কোনো কোনো লোকৰ একমাত্ৰ হালোৱা গৰু কেইটাও এই দৰে গাড়ীৰ খুন্দাত মৃত্যু হোৱাত এতিয়া মূৰে-কপালে হাত দিব লগীয়াত পৰিছে। ৰাইজে অতি শীঘ্ৰে এই তীব্ৰ বেগী গাড়ী সমূহৰ গতি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক আহ্বান জনাইছে।