তপন শইকীয়া, ডিব্ৰুগড়ঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক আক্ৰমণৰ ঘটনা। একে দিনাই তিনিচুকীয়া আৰু নলবাৰীত সাংবাদিকৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা কৰিছে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে।

সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ সভাপতি বিপুল মেধি আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগেত ৰাজ্যখনত একেটা দিনতে সংঘটিত হোৱা দুটাকৈ সাংবাদিকক আক্ৰমণৰ ঘটনাত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈকো দাবী জনাইছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিউজ ১৮ নামৰ বৈদ্যুতিন মাধ্যমৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱাই স্বামীৰ সৈতে এখন হোটেলত নিশা আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত সুৰাসক্ত ৪ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে।

আনহাতে সুৰাসক্ত দুৰ্বৃত্তৰ দলটোৱে হোটেলখনৰ স্বত্বাধিকাৰীজনকো প্ৰহাৰ কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত সাংবাদিকজনে ৰুজু কৰা গোচৰৰ ভিত্তিত প্ৰমোদ গগৈ, প্ৰাগজ্যোতি দাস, ধনঞ্জয় দত্ত আৰু দীপন সোণোৱাল নামৰ লোককেইজনক আৰক্ষীয়ে আটক কৰিছে।

ইফালে নলবাৰীতো সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। নলবাৰীৰ মুকালমুৱাত 'দৈনিক অসম’ কাকতৰ স্থানীয় সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেন ডেকাক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কালি নিশা চোকা অস্ত্ৰৰে আক্ৰমণ কৰি সাংবাদিক ৰাজেন ডেকাক গুৰুতৰভাৱে আহত কৰে। ডেকাক নিশাই সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

মন কৰিবলগীয়া যে, ৰাজ্যত দিনক দিনে সাংবাদিক নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই আহিছে। সাংবাদিক সুৰক্ষা মঞ্চ, অসমকে ধৰি ৰাজ্যৰ আন আন সাংবাদিক সংগঠনসমূহে সাংবাদিকৰ নিৰাপত্তাৰ বাবে দাবী জনাই অহাৰ পাছতো চৰকাৰে বিষয়চোত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে সাংবাদিক সংগঠনটোৱে।

সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইন প্ৰৱৰ্তন কৰিবলৈও সংগঠনটোৱে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে।