ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত বৰ্তমানে উত্তপ্ত পৰিস্থিতি৷ বাক বিতণ্ডাৰপৰা ঘটনাৰপৰা ক্ৰমে আক্ৰমণাত্মক পৰিস্থিতিলৈ ৰূপান্তৰ হয়৷
ডিব্ৰুগড়ৰৰ পল্টনবজাৰত এখন ছুইফট ডিজায়াৰ আৰু কেইজনমান মটৰ চাইকেল আৰোহীৰ মাজত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি প্ৰথম তৰ্ক হয়। ইয়াৰ মাজতে ছুইফট ডিজায়াৰখনৰ এজন আৰোহীয়ে হঠাৎ চোকা অস্ত্ৰ উলিয়াই আনি মটৰ চাইকেল আৰোহীকেইজনৰ ওপৰত আক্ৰমণ কৰি ঘটনাস্থলীৰপৰা পলায়ন কৰে।
এই ঘটনাত পাঁচজন লোক আহত হয়। আহতসকলক ততাতৈয়াকৈ এএমচিলৈ প্ৰেৰণ কৰা হয় যদিও দীপক মেচ নামৰ লোকজনৰ মৃত্যু হয়।
আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰূপম নাথ, ৰাতুল বৰা, প্ৰাণজিত ভূঞা আৰু মনোজ দত্ত এই চাৰিজনলোক বৰ্তমানে চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে, আহত–নিহত আটাইকেইজন এএমচিৰ কৰ্মচাৰীৰ লগতে সেই অঞ্চলৰে নিৱাসী৷
উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতেই একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে দোষীক বিচাৰি চহৰৰ বিভিন্ন ল’জ, হোটেল আদিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।
দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন অৰুণাচলৰ পঞ্জীয়নভুক্ত হোৱাৰ বাবে উত্তেজিত লোকসকলে এই ঘটনা অৰুণাচলৰ লোকে সংঘটিত কৰা বুলি অনুমান কৰি বিশেষকৈ অৰুণাচলৰ লোক বসবাস কৰা হোটেল, ল’জৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
পাছত আৰক্ষী আৰু চিআৰপিএফে ক্ষুব্ধ ৰাইজক শান্ত কৰিবলৈ সক্ষম হয়। আনহাতে আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই ঘটনাৰ মূল অভিযুক্ত তিনিচুকীয়াৰ লাইপুলিৰ গুণীন চেতিয়াক নিশাই গ্ৰেপ্তাৰ কৰে।