ডিজিটেল ডেস্কঃ মাত্ৰ ৪০ মিনিটৰ এটা ভাষণ। সেয়া কোনো এলা-পেচা মানুহৰ ভাষণ নহয়। সেই ভাষণ আছিল আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। সেই ভাষণে স্তব্ধ কৰিছিল সমগ্ৰ দেশ৷ স্তব্ধ হৈ পৰিছিল দেশৰ সম্পূৰ্ণ অৰ্থনীতি৷ প্ৰায় ভাগৰে মুৰত পৰিছিল মাধমাৰ৷

কোনো আগজাননী নহোৱাকৈ প্ৰধানমন্ত্ৰী মোডীৰ সেই ৪০ মিনিটৰ ভাষনতেই হঠাৎ বন্ধ হৈ পৰিছিল দেশৰ সকলোতকৈ বেচি প্ৰচলিত ৫০০ আৰু ১০০০ টকীয়া নোট৷ কলা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে কৰা এই নোট বন্দীত বন্দী হৈ পৰিল যেন দেশৰ জনতা৷

এবছৰ পূৰ্বে ২০১৬ চনৰ আজিৰ দিনটোতে তথা ৮ নৱেম্বৰৰ সন্ধিয়া কলা ধন ৰোধ, ডিজিটেল ইণ্ডিয়া, নকল নোটৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰে কোনো নতুন নোট অবিহনে আগতীয়াকৈ সঠিক পৰিকল্পনা নকৰাকৈয়ে সমগ্ৰ দেশত বন্ধ হৈ পৰিল ৫০০-১০০০ টকীয়া নোট৷

মাত্ৰ ৪০ দিনৰ ভিতৰতেই সকলো ঠিক কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মোডীয়ে। কিন্তু এবছৰ পাৰ হোৱাৰ পিছতো ঠিক কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। উলিয়াই আনিব নোৱাৰিলে কলা টকা৷ বৰং বিমুদ্ৰাকৰণে দেশৰ বিভিন্ন দূৰ্ৱল শ্ৰেণী সমুহৰ লগতে ক্ষুদ্-মধ্যমীয়া ব্যৱসায়ীসকলক ধ্বংস কৰে৷

আনহাতে সকলোৰে মুখে মুখে এটাই প্ৰশ্ন কলৈ গ’ল কলা টকা? প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কোৱাৰ দৰে বিমুদ্ৰাকৰণ এক মাৰাত্মক ভুল নিকি? বিমুদ্ৰাকৰণৰ সময়ত বজাৰত ৫০০ আৰু ১০০০ টকীয়া নোটৰ মূল্য আছিল ১৫ কোটি ৪৪ লাখ টকা৷

কিন্তু বৰ্তমানলৈ মুঠ টকাৰ ২৫ %  ৩ লাখ ৮৬ হাজাৰ টকাও ঘুৰি নাহে৷ আনদিশে ডিজিটেল ভাৰত গঢ়াৰ স্বাৰ্থত গাই ফুৰা অনলাইন লেনদেন এক চমকত পৰিণত হ'ল৷ কিন্তু ভাৰতৰ দৰে এখন দেশত জনসাধাৰণ কিমান আগ্ৰহী অনলাইন কামৰ বাবে সেই কথাত গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন হয়৷ কিন্তু এবছৰৰ পাৰহোৱাত প্ৰমাণ হ’ল ডিজিটেল ইণ্ডিয়ালৈ আগ্ৰহ কিমান লোকৰ৷

মাত্ৰ ৫% দেশবাসীয়েহে কৰিছে অনলাইন লেনদেন৷ গাওঁ অঞ্চল বাদেই নগৰ চহৰতো বাসিন্দাই পছন্দ কৰে নগদ টকাৰ লেনদেনৰ হে৷ আনকি বৰ্তমানে গাওঁ অঞ্চলত বন্ধ হৈ পৰিছে বহুতো ATM৷ বহু এটিএম আজিও বিকল৷ মাত্ৰ কেইমাহমানৰ ভিতৰতেই বন্ধ হৈ পৰিছে ৩৫৮ টা এটিএম৷