ডিজিটেল ডেস্কঃ দীপাৱলীৰ সন্ধিয়া ১.৮৭ লাখ চাকিৰ পোহৰেৰে জিলিকি উঠিল লক্ষ্নৌস্থিত সৰজু নৈৰ পাৰ৷ সৰজু নৈৰ পাৰত লক্ষাধিক চাকি জ্বলালে লক্ষ্নৌ বাসীয়ে৷ 

উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল ৰাম নায়কৰ উপস্থিতিত ১.৮৭ লাখ চাকি প্ৰজ্বলন কৰি লক্ষ্নৌ বাসীয়ে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়৷

উল্লেখ্য যে, দীপাৱলী উদযাপন কৰিবলৈ আযোধ্যাত উপস্থিত হৈছিল উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নায়ক সহিতে মূখ্যমন্ত্ৰী যোগী৷ দীপাৱলী উপলক্ষে সৰজু নৈৰ ঘাটত সন্ধিয়াৰ আৰতি কৰি ৰাম, লক্ষ্মণ, সীতাক মালা পিন্ধাই ভক্তি প্ৰদৰ্শন কৰে যোগী আৰু ৰাম নায়কে৷

দীপাৱলী আৰু মূখ্যমন্ত্ৰী-ৰাজ্যপালৰ উপস্থিতি উপলক্ষে লক্ষ্নৌবাসীয়ে দীপাৱলীৰ পবিত্ৰ সন্ধিয়াটোত লক্ষাধিক চাকি প্ৰজ্বলন কৰি সৰজু নৈ পাৰ আলোকিত কৰি তোলে৷