♦ ডিফু সংসদীয় সমষ্টিত ভোটৰ শতকৰা হাৰ ৬৯.৩৫ শতাংশ
ডিফুঃ ডিএনএলএ উগ্ৰপন্থীৰ ৩৬ ঘণ্টীয়া কাৰ্বি আংলং আৰু ডিমা হাচাও বন্ধৰ মাজতে বৃহস্পতিবাৰে ৩ নং স্বায়ত্ত শাসিত জিলা ডিফু লোকসভা সমষ্টিত শান্তিপূৰ্ণভাবে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈ যায়৷
সন্ধিয়া ৫ বজালৈ প্ৰাপ্ত তথ্য অনুসৰি হাফলং সমষ্টিত ৬৫ শতাংশ, বোকাজানত ৭২.২৫ শতাংশ, হাওৰাঘাটত ৬৯ শতাংশ, ডিফুত ৬৯.৫ শতাংশ আৰু বৈঠালাংচ' সমষ্টিত ৭১ শতাংশ ভোটগ্ৰহণ কৰা হয়৷
ফৰকাল বতৰৰ মাজতে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হয় যদিও একাংশ কেন্দ্ৰত ইভিএম মেচিনৰ বিজুতিৰ ফলত ভোটদান প্ৰক্ৰিয়াত কিছু বাধা আহি পৰিছিল যদিও পুণৰ মেচিনসমূহ সক্ৰিয় কৰি ভোটদান প্ৰক্ৰিয়া অব্যাহত ৰখা পৰিলক্ষিত হয়৷
সাংসদ বীৰেণছিং ইংতিয়ে ডিফু বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী হৰেণছিং বে'ই পশ্চিম কাৰ্বি আংলঙৰ দলনি প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে আৰু এএছডিচিৰ প্ৰাৰ্থী হলিৰাম তেৰাঙে ডিফুৰ আমোলা পট্টিত ভোটদান কৰে৷
বিজেপি প্ৰাৰ্থী হৰেণছিং বে'ই নিজৰ বিজয় সন্দৰ্ভত প্ৰবল আত্ম বিশ্বাসী হৈ কয় যে তেওঁৰ সৈতে কোনো প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নহয়। এএছডিচি কংগ্ৰেছৰ অস্থিত্ব নাই বুলি দাবী কৰাৰ লগতে সাংসদ বীৰেণছিং ইংতিৰ দীৰ্ঘ কাৰ্যকালত পাৰ্বত্য জিলা তিনিখনত একো উন্নয়ণ হোৱা নাই যাৰ বাবে ৰাইজে সাংসদগৰাকীৰ প্ৰতি থকা অত্যন্ত ক্ষোভৰ বাবে তেওঁক ভোট দিয়াৰপৰা বিৰত থাকিব বুলি তেওঁ আশাবাদী৷
সাংসদ বীৰেণছিং ইংতিয়ে সমষ্টিটোত ভোটাৰ ৰাইজৰপৰা ব্যাপক সহাঁৰি পোৱা বুলি জানিবলৈ দিয়াৰ লগতে বিজেপিক সাম্প্ৰদায়িক দল বুলি আখ্যা দিয়ে আৰু কংগ্ৰেছে সকলোকে লগত লৈ চলা দল বুলি কয়৷
এএছডিচিৰ প্ৰাৰ্থী হলিৰাম তেৰাঙে কয় যে এইবাৰ ৰাইজে কংগ্ৰেছ-বিজেপিক প্ৰত্যাখান কৰিব আৰু আঞ্চলিক দলত ভোটদান কৰি তেওঁক বিজয়ী কৰিব৷ আনহাতে ডিফু সাংসদীয় সমষ্টিটোৰ নিৰ্বাচন প্ৰক্ৰিয়াত জিলা প্ৰশাসনৰ সক্ৰিয় ভূমিকাৰ বাবে শান্তিপূৰ্ণ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হয় লগতে জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মুকুল কুমাৰ শইকীয়াই ভোটদান প্ৰক্ৰিয়াত ৰাইজে শান্তিপূৰ্ণভাৱে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷
ইফালে ডিমাছা লিবাৰেছন নেছনেল আৰ্মি চমুকৈ ডিএনএলএই আহ্বান জনোৱা ৩৬ ঘণ্টীয়া বন্ধৰ মাজতো ৰাইজে নিৰ্বিঘ্নে ভোটদান কৰে যদিও বুধবাৰে বকলিয়াঘাটত হোৱা এক সন্দেহজনক বিষ্ফোৰণৰ বাবে বন্ধৰ প্ৰতি স্বতস্ফূৰ্ত সহাঁৰি জনোৱাৰ বাবে জিলাখনৰ দোকান-পোহাৰ বন্ধ থকাৰ লগতে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে৷