ডিফুঃ অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং জিলা নগৰ সমিতিৰ নিৰ্বাচনৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে সন্ধিয়া ডিফু নগৰ সমিতিৰ ৩ নং ৱাৰ্ডৰ হৰিলাল বস্তিত জিলাখনৰ প্ৰধান বিৰোধী আঞ্চলিক দল এছ ডি চিৰ প্ৰক্ষেপিত প্ৰাৰ্থী মালা ৰংফাৰপীয়ে এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰে৷

সভাত এইচ ডি চিৰ  সাধাৰণ সম্পাদক লাইচেন ইংলেঙ, কে এন চি এৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপী, কে এছ এৰ জিৰচং টেৰণ, এছ ৱাই জেৰ লংকি চিংনাৰ আৰু কে এছ এৰ বৰকিৰি ছেনাৰ উপস্থিত থাকে৷

সভাত দলীয় কৰ্মী-সমৰ্থকক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত কে এন চি এৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীয়ে বি জে পিক তুলাধুনা দি মোডীৰ বি জে পি বহুজাতিক কোম্পানীৰ বহতীয়া দল বুলি কোৱাৰ লগতে ব জে পিয়ে  দৰিদ্ৰ লোকৰ কল্যাণমূলক আঁচনি হ্ৰাস কৰি বহুজাতিক কোম্পানী আৰু আম্বানিক সন্তুষ্ট কৰোতেই ৫ বছৰ পাৰ কৰিলে৷

প্ৰধান মন্ত্ৰী মোডীয়ে ঘনাই বিদেশলৈ গৈ ৰাইজৰ টকাৰ শ্ৰাদ্ধ কৰাৰ লগতে দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিছে বুলি অভিযোগ কৰে৷ কংগ্ৰেছৰ দুৰ্নীতিৰ জবাব দিবলৈ গৈ ৰাইজে ভুলবশত আন এটা প্ৰতাৰকৰ দলক গাদীত বহুৱাই ৫ বছৰতে ৰাইজে বি জে পিৰ কু-অভিসন্ধিৰ কথা গম পালে বুলি কয়৷

সেয়ে সৰু-বৰ নিৰ্বাচনৰপৰাই ৰাইজে বি জে পিক উৎখাত কৰাৰ সংকল্প লৈছে বুলি নেত্ৰীগৰাকীয়ে সভাত মন্তব্য কৰে ৷ আনহাতে এইচ ডি চিৰ প্ৰাৰ্থী মালা ৰংফাৰপীয়ে তেওঁক কলগছৰ ছবিত ভোট দি জয়যুক্ত কৰাবলৈ আহ্বান জনাই তেওঁ বিজয়ী হ'লে হৰিলাল বস্তিৰ  সমস্যাসমূহ গুৰুত্ব সহকাৰে লৈ সমাধান কৰাৰ চেষ্টা কৰিব  বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷