♦ এইচ এছ ডি চিৰ সংবাদমেল

ডিফুঃ  সমবিকাশ আৰু সমমৰ্যদাৰ স্বাৰ্থত কাৰ্বি আংলংবাসী ৰাইজে জিলাখনত অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া নগৰ সমিতিৰ নিৰ্বাচনত এইচ এছ ডি চিৰ প্ৰক্ষেপিত প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ  আহ্বান জনাইছে লাইচান ইংলেঙে৷

বৃহস্পতিবাৰে বিয়লি লামঢিং পথস্থিত কে এছ এৰ কাৰ্যালয়ত আয়েজন কৰা এক সংবাদ মেলত দলৰ হৈ লাইচান ইংলেঙে কয় যে এইচ এছ ডি চিৰ প্ৰতীক চিহ্ন 'কলগছ'ত জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকক জিলাখনত বি জে পিৰ পক্ষপাতমূলক শাসনj ওৰ পেলাই এইচ এছ ডি চিক সুযোগ দিবলৈ কয়৷

আনহাতে যি কেইটা নগৰ সমিতিত এইচ এছ ডি চিৰ প্ৰাৰ্থী নাই তেনে ঠাইত বি জে পিৰ বাহিৰে অইন দলক সমৰ্থন দিবলৈ ৰাইজৰ প্ৰতি অনুৰোধ জনায় সম্পাদকজনে৷

নগৰ সমিতিৰ কৰ্মচাৰী সকলৰ দা-দৰমহা আৰু ৰাইজৰ ন্যূন্তম আঁচনিসমূহ পূৰাব নোৱাৰা দলসমূহক ৰাইজে নস্যাৎ কৰি ৰাইজৰ স্বাৰ্থত প্ৰাধান্য দিয়া এইচ এছ ডি চি দলক আঁকোৱালি ল'বলৈ কয়৷

আনহাতে বি জে পিয়ে নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিবলৈ গৈ কাৰ্বিসকলৰ ৰংকেৰ  উৎসৱ, ল'ৰা-ছোৱালীৰ পৰীক্ষাৰ সময়ত নিৰ্বাচন জাপি দিয়া কাৰ্য আৰু নিৰ্বাচনৰ তাৎক্ষণিক সিদ্ধান্তই বি জে পি যে সাধাৰণ ৰাইজবিৰোধী সেয়া প্ৰমাণ কৰিছে বুলি সংবাদমেলত তেওঁ মন্তব্য কৰে৷

আনহাতে এইচ এছ ডি চিৰ প্ৰাক্তন সভাপতি ড: মংবে ৰংপি কংগ্ৰেছত যোগদান কৰা তেওঁৰ নিজাববীয়া সিদ্ধান্ত যদিও ড: ৰংপি অতি শীঘ্ৰে এইচ ডি চিৰ আন্দোলনলৈ ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰিছে সাধাৰণ সম্পাদক লাইচান ইংলেঙে। লগতে বৰ্তমান এইচ এছ ডি চিৰ সভাপতিৰ পদত ছেলাৱৰ বে'ক অধিষ্ঠিত কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে৷