ছাইদুল ইছলাম, ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মহিলা সকলৰ সম অধিকাৰ আৰু সুৰক্ষাৰ বাবে ভূমিষ্ঠ হ'ল আন এক মহিলা সংগঠন৷ শুকুৰবাৰে দুপৰীয়া ডিফুস্থিত জিলা প্ৰেছ ক্লাবৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰি কৰে নৱগঠিত সংগঠনটোৰ নেতৃ বৰ্গ সকলে৷
সাংবাদিকৰ আগত সদৰি কৰা অনুসৰি যোৱা ৭ জুলাইত ডিফুৰ পিএইছ ই আইবিত অনুষ্ঠিত এক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে মেলিন ইংতিপীক সভানেত্ৰী আৰু ইণ্ডিকা ওৱাৰীক সাধাৰণ সম্পাদিকা হিচাপে লৈ ইউনাইটেড কাৰ্বি আংলং ৱমেন এছ'চিয়েছন নামৰ এক ৩৫ জনীয়া এক শক্তিশালী জিলা সমিতি গঠন কৰে৷
সংগঠনটোৰ উদ্দেশ্য হৈছে ঐক্য শান্তি, আৰু সম অধিকাৰ৷ পাহাৰীয়া জিলাখনত বৃদ্ধি পাই অহা মহিলা নিৰ্যাতন, ধৰ্ষণ, মহিলা সৰবৰাহ আৰু নাৰীজনিত অপৰাধ আদিৰ ক্ষেত্ৰত সংগঠনটোৱে গণতান্ত্ৰিক বাবে অহৰহ সংগ্ৰাম কৰি মহিলা সকলৰ নিৰপত্তা, সুৰক্ষা আৰু সম অধিকাৰ অনাৰ চেষ্টা কৰি যাব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে নৱগঠিত সংগঠনটোৰ নেতৃবৰ্গই৷
উল্লেখযোগ্য যে, জিলাখনত মহিলা সকলৰ ন্যায়, সুৰক্ষাৰ বাবে কাৰ্বি আংলং জিলা মহিলা সমিতি, কাৰবি নিমচ' চিংথুৰ আচং, ৱমেন জাষ্টিচ ফৰাম ইত্যাদি অগ্ৰণী মহিলা সংগঠন আছে৷ ইউনাইটেড কাৰ্বি আংলং ৱিমেন এছ'চিয়েছন নামৰ সংগঠনৰ নতুন সংযোজনে জিলাখনত মহিলা কণ্ঠ অধিক বলিষ্ট হব বুলি চৰ্চা লাভ কৰিছে৷