ডিফুঃ কাৰ্বি আংলং ক্ৰীড়া সন্থা, জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহ আৰু ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা ট্ৰাক পাৰ্কিঙৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে নৱগঠিত ডিফু মিউনিচিপালটি ব'ৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰই৷ ডিফু নগৰ সমিতিৰ সৌন্দৰ্য বৰ্ধনৰ বাবে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিৰ্দেশ মৰ্মে এই নিৰ্দেশ জাৰী কৰা হৈছে বুলি অধ্যক্ষ ৰাহ ক্ৰ"ই জানিবলৈ দিছে৷
মংগলবাৰে দুপৰীয়া অধ্যক্ষ গৰাকীয়ে ৱাৰ্ড কমিচনাৰ ক্ৰমে, হাৰাধন ঘোষ, চিমন ফাংচ', সাগৰ ছেত্ৰী আৰু কেইবাগৰাকী বিশিষ্ট লোকক লগত লৈ ট্ৰাক পাৰ্কিঙলৈ গৈ ট্ৰাক চালক সকলৰ লগত আলোচনাত মিলিত হয়৷ আলোচনা কালত কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায় আৰু কাৰ্যালয় সম্পাদক ছাইদুল ইছলাম উপস্থিত থাকে৷
আলোচনা কালত ট্ৰাক চালকসকলে দীৰ্ঘ দিনৰপৰা ভুগি অহা ট্ৰাক পাৰ্কিঙ ব্যৱস্থাক লৈ অধ্যক্ষ ৰাহ ক্ৰ'ৰ সম্মুখত ক্ষোভ উজাৰি কয় যে ট্ৰাক চালক সকলে পাৰ্কিঙৰ বাবে চহৰ খনৰ অ'ত, ত'ত ডলাৰ বগৰীৰ দৰে জপিয়াই ফুৰিবলগীয়া হৈছে বুলি কয়৷ ইয়াৰ পিছত অধ্যক্ষ ৰাহ ক্ৰ', ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষ আৰু চিমন ফাংচ"ই চালক সকলক আশ্বাস দি কয় যে ষষ্ঠ বিত্তীয় আঁচনিৰ অধীনত অতি শীঘ্ৰে ডিফু শ্মশান ঘাট পথৰ কাষত স্থায়ীভাবে ট্ৰাক পাৰ্কিঙ নিৰ্মাণ কৰা হ'ব আৰু পাৰ্কিঙৰ ওপৰ মহলাত হৰিজন সকলৰ আবাস গৃহ নিৰ্মাণ কৰি দিয়া হ'ব৷ ইতিমধ্যে ইয়াৰ বাবে মিউনিচিপালটি বৰ্ডৰ তৰফৰ প্ৰপ'জেল দিয়া হৈছে বুলি জানিবলৈ দিছে৷
সদ্যহতে কাছা খেল পথাৰ আৰু জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহৰ সৌন্দৰ্যত বাধাৰ সৃষ্টি নহ'বলৈ অস্থায়ীভাৱে উক্ত স্থানৰ ট্ৰাক পাৰ্কিঙ স্থানান্তৰিত কৰি ডিফু ৰাজহুৱা শ্মশান ঘাট পথৰ দুয়োকাষে পাৰ্কিঙ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷