newsnexstone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে মাজ নিশা মণিপুৰত সীমান্ত আৰক্ষীৰ অভিযানত জালত পৰিছে এগৰাকী জিলা পৰিষদৰ সভাপতি৷ ৰাজাধানী ইম্ফলৰ সমীপৰ পশ্চিম জিলা আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ অভিযানত স্বায়ত্ত শাসিত চান্দেল জিলা পৰিষদৰ সভাপতিক ২৭ কোটি টকাৰ মাদক দ্ৰব্যৰ সৈতে গ্ৰেপ্তাৰ কৰে৷ ১৩ কোটি টকাৰ ৪৫৯৬ কেজি হেৰইন, ১৪ কোটি কৰাৰ ২৮ কেজি নিচাজাতীয় টেবলেট উদ্ধাৰ হয়৷

লুখোচেৰ জৌ নামৰ সভাপতিগৰাকীয়ে চৰকাৰী আবাসতে আছিল৷ কংগ্ৰেছৰ পৰা টিকট লাভ কৰি জিলা সমিতিৰ সদস্য নিৰ্বাচিত হলেও বিজেপিত যোগদান কৰে৷ এটি খবৰৰ ভিত্তিত চলোৱা অভিযানত চ্যুটকেছও উদ্ধাৰ হয়৷ গাড়ীৰ চালকৰ লগতে আন লোককো সোধ-পোছৰ বাবে আটক কৰে আৰক্ষীয়ে৷

ডিআইজি ইণ্টেলিজেন্সৰ বিষয়া থেমথিং নাগচানভাই জনোৱা মতে, এক সুত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে তালাচী অভিযান চলায়৷ গোটেই নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি উদ্ধাৰ হয়৷ 

সভাপতি সহযোগীকেইজনক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি সোধ-পোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷