ডিজিটেল ডেস্কঃ বিগত সোমবাৰে সংঘটিত অমৰনাথৰ যাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়কৰ গাড়ীচালকক৷
পিডিপি বিধায়ক এজাজ আহমেদ মীৰৰ গাড়ীচালকৰ নাম তৌফিক ৰহমান। আৰক্ষীয়ে প্ৰকাশ কৰিছে যে এই আক্ৰমণত গাড়ীচালকজন জড়িত নথকাৰ সম্ভাৱনা নস্যাৎ কৰিব নোৱাৰি৷
তদুপৰি আৰক্ষীৰ সৈতে এতিয়া পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰিছে তৌফিকে৷ গতিকে আৰু বহুতো গোপন তথ্য এই অনুসন্ধানত ওলাব বুলি উল্লেখ কৰিছে অনুসন্ধানকাৰী আৰক্ষী বিষয়াই৷
এই ঘটনাত অভিযুক্ত আৰু দুজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে ৭ মাহ পূৰ্বেই আৰক্ষী বিভাগৰ পৰাই তৌফিক আহমেদক গাড়ীচালক হিচাবে নিযুক্ত কৰা হৈছিল৷ অমৰনাথ আক্ৰমণৰ ঘটনাৰ তদন্ত কৰিবলৈ ৬জন সদস্যৰে বিশেষ অনুসন্ধান দল গঠন কৰিছে জম্মু কাশ্মীৰ আৰক্ষীয়ে৷