ডি টি অ’ অফিচলৈ নোযোৱাকৈ লাভ কৰিব অনুজ্ঞাপত্ৰ

ডিজিটেল ডেস্ক,৩ ছেপ্টেম্বৰ:এতিয়াৰে পৰা ঘৰৰ পৰাই এপযোগে পৰীক্ষা দি লাভ কৰিব পাৰিব চালকৰ অনুজ্ঞাপত্ৰ।ঘৰতে বহি কৰিব পাৰিব চালকৰ অনুজ্ঞাপত্ৰ সম্পৰ্কীয় সকলো কাম।অসম চৰকাৰৰ পৰিৱহণ বিভাগৰ অধীনত ‘অনলাইন লার্ণার্চ লাইচেন্স প্রাপ্তিৰ সুবিধা আৰু ভেহিকল ফিটনেছ এপ'ৰ উন্মোচন কৰা হয়৷মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰে এই এপ৷জনসাধাৰণে আজিৰে পৰা লাভ কৰিব এই বিশেষ সেৱা।জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰৰে পৰা পৰীক্ষা দি লাভ কৰিব পাৰিব অনলাইন অনুজ্ঞাপত্ৰ।চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ঘৰৰ পৰাই মোবাইলতে কৰিব পাৰিব আৱেদন।এতিয়াৰে পৰা যিকোনো জিলা পৰিবহন কার্যালয়তে বাহনৰ ফিটনেছ প্রমাণপত্র নবীকৰণ কৰিব পাৰিব।

অসমত পঞ্জীয়ন কৰা যান-বাহনৰ ফিটনেছ প্রমাণপত্র নবীকৰণৰ বাবে লোৱা হৈছে এই ব্যৱস্থা।সাধাৰণ মানুহে কোনো দালাল শ্ৰেণীৰ জৰিয়তে যাতে চালকৰ অনুজ্ঞাপত্ৰৰ কাম কৰিব নালাগে তাৰ বাবে এই বিশেষ সুবিধা কৰা হৈছে।