ডিজিটেল ডেস্কঃ চিকিমৰ সাই বাবা মন্দিৰৰ আৰ্হিৰ মণ্ডপেৰে এইবাৰৰ গীতানগৰ পূজা মণ্ডপ। প্ৰত্যেক বছৰে অগতানুগতিক পূজা মণ্ডপেৰে গুৱাহাটীৰ ভিতৰত এখন অন্যতম শ্ৰেষ্ঠ পূজা মণ্ডপ হিচাপে পৰিগণিত হৈ আহিছে গীতানগৰ সাৰ্বজনীন দূৰ্গা পূজাই।
অকল মণ্ডপৰ ক্ষেত্রতে নহয় প্ৰতিমা নিৰ্মাণৰ ক্ষেত্ৰতো পৰিৱেশ সুৰক্ষাক অগ্ৰাধিকাৰ দি সম্পূৰ্ণ মাটিৰে নিৰ্মান কৰে এই পূজাৰ প্ৰতিমা। এই বৰ্ষও দেৱীৰ পৰিহিত বস্ত্ৰ আৰু আ অলংকাৰ সম্পূৰ্ণৰূপে মৃণ্ময়।
ধুবুৰী জিলাৰ বিলাসীপাৰা অঞ্চলৰ পৰা অহা কাৰিকৰে নিৰ্মাণ কৰি উলিয়াইছে এই প্ৰতিমা আৰু মণ্ডপ। সমগ্ৰ গুৱাহাটী মহানগৰীতে গীতানগৰ পূজাৰ এক বিশেষ নাম আছে। সম্পূৰ্ণ বৌধিক ৰীতি নীতিৰে কৰা হয় ইয়াৰ পূজা ভাগ।
যোৱাটো বছৰৰ দৰে এইবাৰো মুঠ ২৫ লাখ টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে পূজাৰ মণ্ডপ আৰু প্ৰতিমা। লগতে প্ৰায় ২০০০ লোকে একেলগে বহি ভোগ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰিছে স্থানৰো।