অসমৰ অৰ্থনীতিৰ কথা আহি পৰিলেই খনিজ সম্পদ যেনে খাৰুৱা তেল, কয়লা আদিৰ লগতে চাহ উদ্যোগৰ কথাটোৱেই সকলোৰে মনলৈ আহে। ভালকৈ চালে দেখা যায় যে কেৱল খাৰুৱা তেল, কয়লা আৰু চাহতে অসমৰ অৰ্থনীতি সীমাৱদ্ধ হৈ থকা নাই। NNOৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হৈছে আঁৰত থাকিয়েই অসমৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই যোৱা, সততে চৰ্চালৈ নহা ঠাইসমূহক লৈ DY365ৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব কাৰ্জিৰ এক বিশেষ প্ৰতিবেদন...
সম্ভাৱনাৰ অন্য এক নাম অসম। প্ৰাকৃতিক সম্পদৰে চহকী ৰাজ্যখনৰ প্ৰতিখন জিলাৰে কৃষক, ব্যৱসায়ী আৰু শ্ৰমিকসকলে কঠোৰ পৰিশ্ৰমেৰে অৰ্থনীতি টনকিয়াল কৰি আহিছে। নামনি-উজনি যিফালেই যোৱা যায় সেইফালেই এতিয়া দেখা যায় অলেখ কৰ্মঠ লোক। এই কৰ্মঠ লোকসকলে নিজৰ লগতে আৰু দহজনকো সংস্থাপনৰ বাট দেখুৱাই আহিছে। লগতে এইসকল লোকৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্ৰীকে ধৰি আন একাধিক সামগ্ৰী প্ৰতিদিনে বৰ্হিঃৰাজ্যৰ লগতে বিদেশলৈকো ৰপ্তানি হৈ আছে।
অসমীয়াত এষাৰ কথা আছে— যাৰ নাই বাঁহ, তাৰ নাই সাহ। এই বাঁহেৰেই এতিয়া নিজৰ সাহসৰ পৰিচয় দিবলৈ সমৰ্থ হৈছে অসমৰ কেবাখনো জিলাই। ৰাজ্যখনৰ কামৰূপ, নলবাৰী, বাক্সা, দৰঙত উৎপাদিত বাঁহে দখল কৰিছে দেশৰ বজাৰ। এই জিলাকেইখনৰ পৰা গুজৰাটৰ আহমেদাবাদলৈ দৈনিক ৮-৯শ ট্ৰাক বাঁহ ৰপ্তানি হয়। উত্তৰ ভাৰতৰ ভিতৰতেই সৰ্বাধিক বাঁহ উৎপাদন হোৱাৰ বাবেই ইথানল প্ৰস্তুতকাৰী উদ্যোগসমূহ দৌৰি আহিছে গোৱালপাৰা, বঙাইগাঁও, কামৰূপলৈ। তিনিওখন জিলাত ৩ টা উদ্যোগ যোৱা ৫-৬ মাহত গঢ় লৈ উঠিছে। গোৱালপাৰাৰ মৰনৈত থকা উদ্যোগটোত ডিব্ৰুগড়ৰ টেঙাখাতৰ এজন ব্যক্তি পৰিচালক হিচাপে সফল হৈছে।
মাছ উৎপাদনত অসম এতিয়া প্ৰায় স্বাৱলম্বী। বৰপেটা, নলবাৰী, কামৰূপ, গোৱালপাৰাত উৎপাদিত মাছে অসমসহ সমগ্ৰ উত্তৰ-পূৱৰ বজাৰ দখল কৰিছে। ২০২২-২৩ বৰ্ষত প্ৰায় ১০০ কোটি টকাৰ মাছ বিক্ৰী কৰিবলৈ সক্ষম হৈছে।
এক সমীক্ষা অনুযায়ী, দৰং, কামৰূপ, বাক্সা, নলবাৰীত প্ৰায় ৯ হাজাৰ যুৱক ব্ৰইলাৰ পালনৰ লগত জড়িত। এই যুৱকসকলে উৎপাদন কৰা ব্ৰইলাৰ মুৰ্গী উত্তৰ-পূৱৰ প্ৰতিখন চহৰত বিক্ৰী হয়। দৈনিক কোটি টকাৰ ব্ৰইলাৰ বিক্ৰী কৰে এই যুৱকসকলে।
বেকী, মানাহ, গৌৰাং নদীৰ বগা শিলে দখল কৰি আহিছে বাংলাদেশ, শ্ৰীলংকা, ডুবাইৰ বজাৰ। কোটি কোটি টকাৰ ৰাজহ আহে অসমলৈ। আনহাতে, মৰাপাট উৎপাদনত জিলা হিচাপত দেশৰ ভিতৰতেই প্ৰথম ৩ স্থানত আছে ধুবুৰী জিলা। গোৱালপাৰা, বৰপেটা আৰু দৰং জিলাৰ খেতিয়কে মৰাপাট ৰপ্তানি কৰে বাংলাদেশলৈ। পশ্চিমবংগৰ বহুকেইটা উদ্যোগ অসমত উৎপাদিত মৰাপাটৰ ওপৰত নিৰ্ভৰশীল।
আদাৰ বাবে বিখ্যাত বজাৰখন হৈছে কামৰূপৰ হাঁহিমৰ বজাৰ। দিল্লী, নয়দা, কলকাতাৰ আদা বেপাৰীৰে গিজগিজাই থাকে বজাৰখন। সপ্তাহত এই বজাৰখনৰ পৰাই অতিকমেও ১৫০ টন আদা ভিন্ন প্ৰান্তলৈ যায়।
দৰংগিৰিৰ কলৰ বজাৰ দেশৰ ভিতৰতেই সৰ্ববৃহৎ কলৰ বজাৰ। নেপাল, শ্ৰীলংকা, ডুবাইলৈও প্ৰতিসপ্তাহত এই বজাৰৰ পৰা কল ৰপ্তানি হয়। দৰংগিৰিৰ নামতেই আছে আৰু এটা ভাল খবৰ। উত্তৰ-পূৱৰ ভিতৰতেই গাহৰিৰ সৰ্ববৃহৎ বজাৰখনো দৰংগিৰিতেই। এই বজাৰৰ গাহৰি গোলাঘাট, তিনিচুকীয়া, ডিমাপুৰ আৰু শ্বিলঙলৈ যায়।
দেশৰ সকলোতকৈ বেছি বাঁহৰ ঝাড়ু উৎপাদন কৰে গোৱালপাৰাৰ খেতিয়কে। ৰংজুলি-দুধনৈত আছে বৃহৎ ঝাড়ুৰ বজাৰ। দেশৰ বহু নগৰ-চহৰত কিনিবলৈ পোৱা ঝাড়ু এই বজাৰৰ পৰাই যায়। গোৱালপাৰা, বাক্সা, ওদালগুৰিৰ কেবাহাজাৰ বিঘা ভূমিত হয় ঝাড়ুবনৰ খেতি। অকল গোৱালপাৰাৰ পৰাই বছৰি কেবাকোটি টকাৰ ঝাড়ু ৰপ্তানি হয়।
উত্তৰ-পূৱৰ প্ৰথমখন 'চকলেট গাঁও' আছে গোৱালপাৰা জিলাৰ দুধনৈৰ মাজগাওঁত। কোকোৱা ৰপ্তানিয়ে নহয়, এই গাঁওখনৰ নাৰ্ছাৰীৰ গছ পুলিৰে সপোন দেখিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নিবনুৱাই।
অসমৰ ভিতৰত একমাত্ৰ তৈল খেজুৰ উৎপাদন হয় ৰাভা হাচং এলেকাত। ইয়াত উৎপাদিত তৈল খেজুৰ ৰপ্তানিও হয়।
মণিপুৰক অতিক্ৰমি অসমৰ গোৱালপাৰাত সৰ্বাধিক উৎপাদন হয় ক’লা চাউল। চীন-জাপানলৈ প্ৰতিবছৰে কেবাহাজাৰ টন ক’লা চাউল ৰপ্তানি কৰে জিলাখনৰ খেতিয়কসকলে। উত্তৰ ভাৰতৰ ভিতৰতেই সৰ্বাধিক কাজু উদ্যোগ আছে মানকাছাৰত। অৱশ্যে ইয়াৰে ৮০ শতাংশ কাজু আহে মেঘালয়ৰ পৰা। পূৰ্বৰ দুজন মুখ্যমন্ত্ৰীৰ বাবেই ধুবুৰীৰ জুইশলা কাৰখানা বন্ধ হ'ল যদিও ধুবুৰীৰ পৰিশ্ৰমী মানুহবোৰৰ হাত কিন্তু থমকি নৰ’ল। বংগৰ কেবাটাও উদ্যোগলৈ গৌৰীপুৰ, হালাকুৰাৰ শ শ মহিলাই যোগান ধৰে জুইশলা।
উত্তৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক বিড়ি উৎপাদন হয় ধুবুৰী জিলাত। কালদোৱা, ছাগলীয়া, গৌৰীপুৰৰ অতিমেও ৫ হাজাৰ পৰিয়াল এই উদ্যোগৰ লগত জড়িত। ধুবুৰী, বঙাইগাঁও জিলাত ১২টা বিড়ি কাৰখানা আছে। মাকৈ উৎপাদনতো এইবাৰ অভিলেখ গঢ়িছে ধুবুৰীয়ে। হাজাৰ হাজাৰ টন মাকৈ উৎপাদন হৈছে ধুবুৰীত। বৰপেটা, গোৱালপাৰা, দৰং জিলাৰ খেতিয়কো মাকৈ উৎপাদনত পিছপৰি থকা নাই। দেশৰ ভিতৰতে কেঁচা জলকীয়াৰ বৃহৎ বজাৰখনো আছে বিলাসীপাৰাত। দৈনিক কেবাকোটি টকাৰ লেনদেন হোৱা এই বজাৰৰ জলকীয়া অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তলৈ যায়।
কোকৰাঝাৰ, ছিদলী, বাক্সা, গোৱালপাৰাৰ কঁঠাল যায় দিল্লী-বংগৰ বজাৰলৈ। উত্তৰ ভাৰতৰ সকলোতকৈ ডাঙৰ কঁঠালৰ বজাৰখন গোৱালপাৰাৰ শিমলিতলাৰ বজাৰ। একেদৰে তামুলপুৰ, ওদালগুৰি, বাক্সাৰ বেতগছৰো সুনাম আছে এছিয়াৰ ভিন্ন দেশত। জাপানে এই তিনি জিলাৰ পৰা বেত ক্ৰয় কৰে।
অকল শালি ধানৰ খেতিতে ব্যস্ত নাথাকি বড়ো খেতিৰে স্বাৱলম্বী ধুবুৰী, গোৱালপাৰা, নলবাৰী, বৰপেটা, কামৰূপ, দৰঙৰ খেতিয়ক। হাজাৰ হাজাৰ টন চাউল উৎপাদন কৰি অসমক চহকী কৰিছে এই জিলাকেইখনৰ কৃষকে। কেৱল চাউল বিক্ৰী কৰিয়েই কেবাকোটি টকা উপাৰ্জন কৰে এই খেতিয়কসকলে।
উত্তৰ-পূৱৰ মানচেষ্টাৰখ্যাত শুৱালকুছি আৰু ইয়াৰ দাঁতিকাষৰীয়া বংশৰ, বামুন্দী, শ্ৰীহাটীত আছে প্ৰায় ৭৯০০ খন তাঁতশাল। প্ৰতিখনত শালত উৎপাদন হোৱা কাপোৰ বিক্ৰীৰ পৰা দৈনিক অতিকমেও ১ কোটি ৬ লাখ ৬৫ হাজাৰ টকা আয় হয়। মাহেকত এই সংখ্যা হয়গৈ ৩১ কোটি ৯৯ লাখ ৫০ হাজাৰ টকা, বছৰেকত সেয়া হ’বগৈ প্ৰায় ৩৮৩ কোটি ৯৪ লাখ টকা। এইয়া অকল শুৱালকুছিকেন্দ্ৰিক। কামৰূপৰ আন অঞ্চলবোৰৰ সৈতে প্ৰায় ৬০০ কোটি টকাৰ (এই মূল্য পাইকাৰীহে) কাপোৰ-সূতা বিক্ৰী কৰে।
অকল শুৱালকুছিৰ পৰাই প্ৰতিমাহে ৫ লাখ ৬০ হাজাৰ টকাৰ মুগাৰ জাপি জাপানলৈ ৰপ্তানি হয়। অৰ্থাৎ বছৰেকত ৬৭ লাখ ২০ হাজাৰ টকাৰ মুগাৰ জাপি নিয়ে জাপানে। আমেৰিকা-ৰাছিয়ালৈকো জাপি ৰপ্তানি হৈ আহিছে। এই উদ্যোগৰ লগত প্রত্যক্ষভাৱে ৮৫০০ শিপিনী আৰু পৰোক্ষ ভাৱে অতিকমেও ৪০ হাজৰ লোক জড়িত হৈ আছে। স্থানীয় শিপিনীসকলৰ লগতে ধেমাজি, লখিমপুৰ, তিনিচুকীয়া, গোলাঘাট আজি জিলাৰ প্ৰায় ২৫০০ শিপিনীয়ে এই উদ্যোগৰ জৰিয়তে কৰ্ম সংস্থাপন পাইছে। অসমৰ প্ৰতিখন চহৰ, দেশৰ আগশাৰীৰ নগৰত শুৱালকুছিৰ পাট কাপোৰৰ বিপণী আছে। সেই বিপণীসমূহত স্থানীয় যুৱক-যুৱতী নিয়োজিত হৈছে।
সৰ্থেবাৰীৰ কাঁহৰ বাচন জাপান, ভূটান, চীনতো সমাদৃত। প্ৰত্যক্ষভাৱে এই শিল্পৰ লগত প্ৰায় ৪৫০০ আৰু পৰোক্ষভাৱে আৰু ২০ হাজাৰ লোক জড়িত। অকল ভূটানৰ পৰাই কাঁহৰ বাচন-বৰ্তন ক্ৰয় কৰিবলৈ দৈনিক সহস্ৰাধিক গ্ৰাহক আহে। বছৰি কমেও ৫০ কোটি টকাৰ ব্যৱসায় কৰে সৰ্থেবাৰীয়ে। একেদৰে, কামৰূপ জিলাৰ হাজোৰ পিতল শিল্পৰ লগত প্ৰায় এহাজাৰ পৰিয়াল জড়িত। এই শিল্পৰো বছৰি আয়ৰ পৰিমাণ কেবাকোটি টকা।
বাক্সা জিলাৰ নেমুৱে দখল কৰিছে বিশ্বৰ বজাৰ। শালবাৰীৰ আনন্দ বজাৰ, গাতি, মানাহ অঞ্চলৰ নেমু ডুবাই, আমেৰিকা, ভূটানসহ কেবাখনো দেশলৈ ৰপ্তানি হয়। নেমু বিক্ৰীৰে কোটিৰ ঘৰত টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাত এতিয়া জিলাখনত আৰম্ভ হৈছে আন এক কৃষি বিপ্লৱ। প্ৰত্যক্ষ-পৰোক্ষভাৱে উপাৰ্জনৰ পথ দিছে প্ৰায় ৮ হাজাৰ লোকক।
জাপি বিক্ৰী কৰি নলবাৰীৰ বানেইকুচি, টিলানা গাঁও দুখনে বছৰি কেবাকোটি টকা উপাৰ্জন কৰি আহিছে। এই গাঁও দুখনৰ লগতে নলবাৰীৰ প্ৰায় ৫ হাজাৰ লোক জাপি ব্যৱসায়ৰে স্বাৱলম্বী। অসমৰ ৰঙালী বিহু নলবাৰীৰ ৰঙীন জাপি নহ’লে নচলে। বাংলাদেশ, ভূটানৰ লগতে থাইলেণ্ড, ইন্দোনেছিয়াতো নলবাৰীৰ জাপিৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছে।
কৈ থাকিলেও শেষ নহ'ব আমাৰ অসমখনৰ কথা। কোনোবাই যদি নেমু পঠিয়াইছে, আন কোনোৱে পঠিয়াইছে তামোল-পাণ, ৰবৰ। সাংবাদিকতাৰ ছাত্ৰ হোৱাৰ সূত্ৰেই যোৱা ডেৰ-দুই দশক ৰাজ্যখনৰ প্ৰায়বোৰ ভিতৰুৱা অঞ্চললৈ যোৱাৰ সুযোগ পাইছো। পৰিশ্ৰমী কৃষক আৰু শ্ৰমিক শ্ৰেণীৰ লোকসকলে কিদৰে বুকু ডাঠ কৰি থিয় হৈছে সেয়াও নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছো।
মানকাচাৰৰ এখন বিশেষ গাঁও। এই গাঁওখন হৈছে কাকৰিপাৰা-ডিয়াৰা। বাংলাদেশ সীমান্তৰ এই গাঁও দুখন লাহে লাহে জাগীৰোডৰ সমকক্ষ হৈ উঠিছে। গাঁও দুখনৰ কেবাহাজাৰ লোকৰ তৎপৰতাত গঢ় লৈ উঠিছে শুকান মাছৰ এখন বৃহৎ বজাৰ। এই বজাৰখনৰ পৰাই মেঘালয়, পশ্চিমবংগৰ লগতে ভূটানলৈ ৰপ্তানি হয় শুকান মাছ। বছৰি কেবাকোটি টকাৰ শুকান মাছ বিক্ৰী কৰে এই গাঁও দুখনে।
ৰবৰ উৎপাদনৰে দেশৰ ৰবৰ উদ্যোগৰ ক্ষেত্ৰখনত নিজৰ স্থান নিগাজী কৰিবলৈ সমৰ্থ হৈছে কামৰূপৰ ৰাণী, বকো, হাঁহিম আৰু গোৱালপাৰাৰ দামৰা, কুকুৰকাটা, ৰংজুলি, লক্ষীপুৰ আদি অঞ্চলৰ কৃষকসকলে। এই অঞ্চলসমূহত উৎপাদিত ৰবৰ খেতিৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল কলকাতা, বাংলাদেশৰ উদ্যোগ। দেশৰ ভিন্ন প্ৰান্তলৈ বছৰি কেবাকোটি টকাৰ ৰবৰ গোৱালপাৰা আৰু কামৰূপ জিলাৰ পৰাই যায়। এই উদ্যোগৰ লগত প্ৰত্যক্ষভাৱে অতিকমেও ৬ হাজাৰ লোক জড়িত।
অসমৰ কৃষকে কফি খেতি আৰম্ভ কৰিব বুলি কেইদিনমান আগলৈকে কোনেও ভাবিব পৰা নাছিল। পিছে, সেয়াই কৰি দেখুৱাইছে গোৱালপাৰাৰ 'নিয়াবলি' নামৰ গাঁওখনৰ কৃষকে। লগতে লাগি থকা কফি উৎপাদনত সুনাম কঢ়িয়াই অনা মেঘালয়ৰ দামাছ গাঁওখনৰ শতাধিক কৃষকেও নিয়াবলিৰ কৃষকসকলক সহায় কৰিছে। এইয়াই আমাৰ স্বাভিমান, আমাৰ গৌৰৱ, এয়াই আমাৰ স্বাভিমানী কৃষক। ৰাজনৈতিক পাকচক্ৰৰ পৰা দূৰত থাকি তেওঁলোকে চলাই গৈছে নীৰৱ বিপ্লৱ। ৰজাঘৰীয়া বা নিৰ্দিষ্ট বিভাগসমূহে উদ্যোগ ল’লে সেই বিপ্লৱে সফলতাৰ শিখৰ চুব বুলি আশা কৰিব পাৰি। (আগলৈ)
• অপূৰ্ব কাৰ্জি অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক। সম্প্ৰতি তেওঁ আগশাৰীৰ ছেটেলাইট নিউজ চেনেল DY365-ত চীফ ৰিপ'ৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।