লালুকঃ লখিমপুৰৰ নাওবৈচাৰ আহমেদপুৰৰ পথাৰত কৃষক ৰাইজে আজি কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰে৷ কেৱল সেয়াই নহয়, ক্ষুব্ধ কৃষকে অগ্নি সংযোগ কৰিলে পোকে খাই নষ্ট কৰি পেলোৱা বড়োধানৰ পথাৰ৷ উল্লেখ্য যে নাওবৈচাৰ আহমেদপুৰ, বৰচলা, পানধোৱা আদিকে ধৰি বিভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ হেক্টৰ বড়ো ধানৰ পথাৰত ওলাইছে ধানৰ সলনি পতান৷ পোকে খাই নিঃশেষ কৰি কৰি দিছে বৃহত্তৰ অঞ্চলৰ বড়ো ধানৰ খেতি৷

যিখিনি বড়ো ধানৰ বীজ কৃষক ৰাইজক যোগান ধৰিছিল কৃষি বিভাগে, সেই বীজেৰে খেতি কৰি এতিয়া মূৰে-কপালে হাত দিব লগা হৈছে দৰিদ্ৰ কৃষকে৷ সেয়ে সৰ্বশ্ৰান্ত হোৱা এইসকল  কৃষকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত বুধবাৰে আহমেদপুৰৰ পথাৰত দাহ কৰিলে কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি আৰু বিভাগটোৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ৷

আনহাতে খবৰ লবলৈ যোৱা  কৃষি বিভাগৰ এগৰাকী গ্ৰামসেৱকক আবদ্ধ কৰি প্ৰশ্ন বানেৰে থকা সৰকা কৰে ৰাইজে৷ উল্লেখ্য যে অঞ্চলটোৰ শ-শ বড়ো ধানৰ খেতি কৰা দৰিদ্ৰ কৃৃষকে অতি কষ্টৰে চৰকাৰী বীজেৰে বড়ো ধানৰ খেতি কৰিছিল যদিও উপায় বিহীন কৃষকে এতিয়া আত্মহননৰ বাট বাচি ল’ব বুলি হুংকাৰ দিছে৷