newsnextone.com | ডিজিটেল ডেস্কঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত নতুন ৰেকৰ্ড গঢ়িলে৷ ইয়াৰ পূৰ্বে পেট্ৰল আৰু ডিজেল ইমান মূল্যত বিক্ৰী হোৱা নাছিল দেশত৷ বিগত সময়ৰ ভিতৰত পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সকলো সীমা অতিক্ৰম কৰে৷ 

দেশত প্ৰতিলিটাৰ পেট্ৰ’লত ৮০ টকাৰ ঘৰ পোৱাৰ সময়তে দেশত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে৷ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী লোকে নিদৰ বাহন জ্বলাই দিয়াৰ লগতে বলিউডৰ প্ৰযোজক একতা কাপুৰে এটি মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

একতাই এখন বোলছবিৰ প্ৰচাৰৰ বাবে সংবাদ মাধ্যমৰ মুখামুখি হৈ কয় ‘‘পেট্ৰলৰ দাম যিমানেই বেছি নহওক, পুৰুষে মহিলাক ফুৰাবলৈ লৈ যাবই, একেদৰেই মহিলাও পুৰুষক ফুৰাবলৈ নিব৷ এইখন নাটক আপুনি চাবলৈ বন্ধ কৰিব নোৱাৰে৷ তাতকৈ আপুনি ড্ৰাইভিঙত সময় কম খৰছ কৰাতকৈ থিয়েটাৰত বেছি সময় খৰছ কৰা উচিত৷’’