newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৪টা লোকসভা সমষ্টি আৰু ১০ টা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে উপ-নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হয়। নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হোৱাৰ পিছতে নিৰ্বাচনী প্ৰাৰ্থীসকলৰ মাজত জয়-পৰাজয়ক লৈ চিন্তাৰ ছাঁ পৰা পৰিলক্ষিত হয়৷

ঝাৰখণ্ডৰ চিল্লী বিধানসভা সমষ্টিত অন্তিম ৰাউণ্ড ভোটগণনাৰ অন্তত জেএমএম দলৰ প্ৰাৰ্থী সীমা দেৱীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়৷ তেওঁ প্ৰতিদ্বন্দ্বী সুৰেশ মোহনক পৰাস্ত কৰে৷ ইফালে নুৰপুৰত এছপিৰ প্ৰাৰ্থী নইম হাচানে নিকততম প্ৰতিদ্বন্দ্বীক বিশাল ভোটত পৰাস্ত কৰে৷

বিহাৰৰ জোকিহাট বিধানসভা সমষ্টিৰ পৰা আৰজেডিৰ শ্বাহনৱাজ আলমে জেডিইউৰ প্ৰাৰ্থীক প্ৰায় ৭৬ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ সমষ্টিটোত জেডিইউৰ প্ৰাৰ্থীয়ে ৩৭,৯১৩ টা ভোট লাভ কৰে৷

কৰ্ণাটকৰ অন্যতম বিধানসভা সমষ্টি ৰাজাৰাজেশ্বৰী নগৰ সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী এন মুনিৰত্নই জয়লাভ কৰে। 

সমষ্টিটোত মুনিৰত্নই ৭৫,২৮২ ভোট লাভ কৰাৰ বিপৰীতে গৌড়াই ৩১,১৮২ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে৷ জেডিএছৰ প্ৰাৰ্থী জি এছ ৰামচন্দ্ৰই ২৩,৫২৫টা ভোট লাভ কৰিছে৷ কৰ্ণাটকত কংগ্ৰেছে ৪১,১৯৩টা ভোটত জয়লাভ কৰে।