newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হোৱা ৪ খন লোকসভা আৰু ১০ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে৷ 

মহাৰাষ্ট্ৰৰ পালঘৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে শিৱসেনাতকৈ ১৮,০০০ ভোটত অগ্ৰগতি লাভ কৰি আছে৷ সমষ্টিটোৰ ১১ সংখ্যক ভোট গণনাৰ অন্তত বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ গাবিতে ১,২৪,১৬৬ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে প্ৰতিদ্বন্দ্বী শিৱসেনাৰ শ্ৰীনিৱাস বানাগাই ১,০৫,৬৭৭ টা ভোট লাভ কৰি বিজেপি প্ৰাৰ্থীতকৈ পিছ পৰি আছে৷

ইফালে উত্তৰাখণ্ডৰ থৰালী বিধানসভা সমষ্টিত পঞ্চম পৰ্যায়ৰ ভোট গণনাৰ অন্তত কংগ্ৰেছ প্ৰতিদ্বন্দীতকৈ ১৯৮টা ভোটত আগবাঢ়ি আছে বিজেপিয়ে ৷ ঝাৰখণ্ডৰ চিল্লীৰ বিধানসভা আসনত জেএমএম দলৰ প্ৰাৰ্থী সীমা দেৱীয়ে ২৯৬টা ভোটত আগবাঢ়ি আছে৷ আনহাতে নাগালেণ্ড লোকসভা সমষ্টিত এনডিপিপিয়ে প্ৰতিদন্দ্বী এনপিএফতকৈ ১৪০০০ ভোটত আগবাঢ়ি আছে৷