newsnextone.com | গুৱাহাটীঃ পুনৰ সেনাৰ গাড়ীক লক্ষ্য কৰি ভয়াবহ আক্ৰমণ সংঘটিত কৰিলে NSCNৰ খাপলাং গোটে৷ নাগালেণ্ডৰ নাগালেণ্ডৰ অসম-ম্যানমাৰ সীমান্তৰ মন জিলাৰ অবৈত এনএছচিএনে ভয়াবহ আক্ৰমণ সংঘটিত কৰাত দুজন সেনা জোৱান থিতাতে নিহত হয়৷ আক্ৰমণ সংঘটিত কৰে খাপলাং গোটে৷ চলিত মাহত এয়া আছিল দ্বিতীয় আক্ৰমণ৷ ইয়াৰ কিছু দিন পূৰ্বে খাপলাং গোটে মন জিলাৰ সেনাৰ শিবিৰত আক্ৰমণ কৰিছিল৷

জানিব পাৰ মতে, দেওবাৰে মন জিলাৰ অবৈত থকা সেনা কেম্পৰ এটা দলে এখন ট্ৰাকত উঠি পানী আনিবলৈ গৈছিল৷ উক্ত সময়তে আদবাটতে এম্বুশ্ব পাতি ৰৈ আছিল উগ্ৰপন্থী সংগঠন এনএছচিএনৰ খাপলাং গোটৰ সদস্য৷ বিশুদ্ধ খোৱাপানী আনিব যোৱাৰ সময়তে পূৰ্বৰে পৰা ৰৈ থকা এনএছচিএনৰ খাপলাং গোটে গাড়ী খনত ভয়াবহ আক্ৰমণ চলাই৷ 

গুলীচলনা কৰাৰ লগতে গ্ৰেনেট নিক্ষেপ কৰে৷ দেওবাৰে দিনৰ দিনৰ প্ৰায় ৪ বজাত সংঘটিত ঘটনাত আসাম ৰাইফলছৰ ৭গৰাকী জোৱান গুৰুতৰ ভাৱে আহত হয়৷ ততাতৈয়াকৈ সেনা জোৱানসকলক আসাম ৰাইফলছৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও শ্যাম বাহাদুৰ আৰু আলম হুছেইনৰ নামৰ ২ জোৱানৰ ইতিমধ্যেই শ্বহীদ হয়৷ শচীন কুমাৰ, দিলীপ সিং আৰু জিডি কন্নাক নামৰ ৰাইফলমেনক সংকটজনক অৱস্থাত হেলিকপ্তাৰেৰে উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ সামৰিক চিকিৎসালয়লৈ অনা হয়৷

৪০ আছাম ৰাইফলছৰ এটা দলে প্ৰায়ে চৱা চিঙলেনস্থিত চাংচুলৈ পানী আনিবলৈ যায়৷ তাৰেই গইনা লৈ এম্বুশ্ব পাতে খাপলাং গোটে৷ ছেক্টৰ-৬ৰ আসাম ৰাইফলছ অভিযানকাৰী দলে ঘটনাস্থলীৰ পৰা বিদেশত নিৰ্মিত সজীৱ গ্ৰেণেড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সংঘটিত হোৱাৰ পিছতে সেনাই ঘেৰি লয় অঞ্চলটো৷ দিনৰ প্ৰায় ৫ বজাৰ পৰা চলে উগ্ৰপন্থী বিৰোধী অভিযান৷