বালিপৰাঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা গড়মৰা গাঁও পঞ্চায়তৰ গাতে লাগি থকা এখন গাওঁ। সেইখনেই হৈছে ১ নং গড়মৰা গাঁও উক্ত গাওঁখনত প্ৰায় ৪০/৫০ ঘৰ মান মানুহে বসবাস কৰি আহিছে। 

গাওঁখনৰ একেবাৰে কাষৰে বৈ গৈছে ভৰলী নৈৰ উপনৈ মানশিৰি নদী। এই মানশিৰি নদীখন খৰালি কালত ঠিকেই ঠাকে কিন্ত যেতিয়া প্ৰকৃতিৰ বুকুলৈ বাৰিষা নামি আহে, তেতিয়াই এই গাওঁখনৰ গাওঁবাসীসকলৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা।

বাৰিষা ফেনে ফোটোকাৰে বাঢ়ি অহা এই মানশিৰ নৈৰ গৰাখহনীয়াৰ বাবে গাওঁখনৰ প্ৰায় ৬/৭ টা পৰিয়াল সৰ্বশ্ৰান্ত হ’বলগীয়া হৈছে। উল্লেখ্য যে গাঁওখনৰ ৰমেন বড়ো নামৰ এজন অতি দৰিদ্ৰ ব্যক্তিৰ প্ৰায় ১ বিঘাতকৈ অধিক মাটি এই নদীখনে উটুৱাই লৈ যোৱাৰ ফলত ব্যক্তিজনে অতি দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে।

পৰিয়াল বুলিবলৈ কোনো নথকা এই ব্যক্তিজনে দিন হাজিৰা কৰাৰ লগতে ঘৰৰ দুই এডাল বাঁহ বেছি কোনোমতে পেট প্ৰৱৰ্তাই আছে। ইফালে লোকজনৰ বাহঁবাৰীখনৰো অধিকাংশই পানীত উটি গৈছে। 
কিম্তু অতি কষ্টৰে এইদৰে জীৱন অতিবাহিত কৰা ১নং গড়মৰা গাওঁৰ এই ৰমেন বড়ো নামৰ লোকজনে কিন্ত আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সা-সুবিধা পাবলৈ সক্ষম হোৱা নাই বা কোনো এজন জনপ্ৰতিনিধিৰো চকু পৰা নাই।

ব্যক্তিজনৰ মাতৃ থকাৰ সময়তে আজিৰ পৰা ১৫/২০বছৰ আগতেই চৰকাৰে নিৰ্মান কৰি দিয়া অতি জৰাজিৰ্ন ঘৰটোতে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। ইফালে আকৌ উক্ত গাওঁখনৰে লিলাধৰ উপাধ্যায় নামৰ লোকজনৰো মাটি নদীৰ বকুত জাহ গৈছে।

প্ৰতিবছৰে ফেনে ফোটোকাৰে বাঢ়ি অহা এই বাঢ়নী পানীয়ে গাওঁখনৰ প্ৰায় ৬ ঘৰকৈ ব্যক্তিৰ অহা-যোৱা কৰা পথটোও গড়াখনীয়াৰ কবলত পৰিবলগীয়া হোৱাত তেওঁলোকে নিজা ববীয়াকৈ বাহঁৰ সাকোঁ নিৰ্মাণ কৰি অতি বিপদ সংকুলভাৱে যাতায়ত কৰি আছিল। 

কিন্ত নিয়তিৰ কি পৰিহাস এই বাঁহৰ সাকোঁখনো বাঢ়নি পানীয়ে উটুৱাই লৈ যায়। যাৰ ফলত ব্যক্তিগত ঘৰৰ বাৰীৰে অহা-যোৱা কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে। 

স্মৰ্তব্য যে নিৰ্বাচনৰ সময়ত কিন্ত জনপ্ৰতিনিধি সকল তেওঁলোকৰ ওচৰত যেতিয়া ভোট ভিক্ষা কৰিবলৈ যায় তেতিয়া কিন্ত প্ৰতিশ্ৰতি ঠিকেই দিয়ে, কিন্তু সেয়া বাস্তবতঃ হৈ নুঠে।একাংশ ৰাইজৰ অভিযোগ মতে মঠাউৰি নিৰ্মাণৰ বাবে এবাৰ টকা আবণ্টন দিয়া হৈছিল যদিও আজি পৰ্য্যন্ত এই মঠাউৰি দেখা পোৱা নগ’ল।