newsnextone.com | ডিজিটেল ডেস্কঃ ১১ আগষ্টত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লব প্ৰাক্তন ক্ৰিকেটাৰ তথা পিটিআই দলৰ মুৰব্বী ইমৰাণ খানে। ইমৰাণ খানৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ পৰা কোন কোন উপস্থিত থাকিব তাকেলৈ চৰ্চা আৰম্ভ হৈছে।
জানিব পৰা মতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনাব ইমৰাণ খানে। ইয়াৰ লগে লগে ভাৰতৰ ইমৰাণ খানৰ বন্ধু তথা ক্ৰিকেটাৰ কপিল দেৱ, সুনীল গাভষ্কাৰ, নৱজ্যোৎ সিং সিদ্ধু, বলিউডৰ অভিনেতা আমিৰ খানক নিমন্ত্ৰণি পত্ৰ প্ৰেৰণ কৰা বুলি মিডিয়াত খবৰ ওলাইছে।
কিন্তু দেওবাৰে সুনীল গাভষ্কাৰ এই সন্দৰ্ভত মতামত প্ৰকাশ কৰি কয় যে চৰকাৰৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত ল'ম। মোক ইমৰাণে শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে। যদি মোৰ হাতত সময় থাকে তেন্তে যাব বিচাৰিলে চৰকাৰৰ পৰা পৰামৰ্শ বিচাৰিম।
সুনিশ্চিত নহয় মই যাব পাৰিম নে নায়। প্ৰতিবন্ধকতাও আছে বুলি কয়।গাভষ্কাৰে। শনিবাৰে নিমন্ত্ৰণি পত্ৰ লাভ কৰা বুলি কৈ পিটিআই দলেহে নিমন্ত্ৰণ জনোৱা বুলি কয়। মই তালৈ যাত্ৰা কৰিব পাৰিলে ভালে পাম কিন্তু মোৰ বাবে সম্ভৱ হয় নে নহয় সেয়াহে চাব লাগিব। কিয়নো মই লৰ্ডছৰ দ্বিতীয় খন মেচত উপস্থিত থাকিব লাগিব। এতিয়ালৈ শপত গ্ৰহণৰ তাৰিখ থিক হোৱা নাই। যদি ১৫ আগষ্ট ত হয় তেন্তে মই যাব নোৱাৰিম কিয়নো সেই দিনটোত মোৰ মাতৃৰ জন্মদিন আৰু ভাৰতৰ স্বাধীনতা দিৱস।