কোকৰাঝাৰ/ গোসাঁইগাঁওঃ অসমৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা মিথিয়াছ টুডুৰ আজি পৰলোক প্ৰাপ্তি ঘটে।দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত গ্ৰাহামপুৰস্থিত নিজা বাসভৱনত প্ৰায় অচল অৱস্থাত থকাৰ পাছত যোৱা বুধবাৰে শ্বাসকষ্ট আৰম্ভ হোৱাত পৰিয়ালৰ লোকে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ শুভম হাস্পতালত ভৰ্তি কৰায়। বিগত ছয়দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাছত আজি দুপৰীয়া ১২•১৫ বজাত বৰ্ষীয়ান নেতা গৰাকীয়ে ইহসংসাৰ ত্যাগ কৰে ।
উল্লেখ্য যে ১৯৫৭ চনত ২৮ নং গোসাঁই গাঁও বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ মিথিয়াছ টুডুৱে পিছলৈ কংগ্ৰেছত যোগদান কৰিছিল। ১৯৫৭ চনৰ পৰা একেৰাহে ১৯৯১ চনলৈ সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰি একপ্ৰকাৰ ৰেকৰ্ড গঢ়ি তোলে।
১৯৮৩-১৯৮৫ চন লৈকে তেওঁ প্ৰথম বাৰৰ বাবে অসম মন্ত্ৰী সভাত শ্ৰম আৰু নিয়োগ মন্ত্ৰী হিচাপে হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰী সভাত কাৰ্যনিৰ্বাহ কৰিছিল।১৯৯১ চনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী তজেন নাৰ্জাৰীৰ হাতত পৰাস্ত হয়। অৱশ্যে ২০০১ চনত সমষ্টিটোৰ পৰা তেওঁ পুনৰাই বিপুল ভোটত জয় লাভ কৰে আৰু তৰুণ গগৈৰ মন্ত্ৰী সভাত কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰে। মৃত্যুৰ সময়ত সময়ত তেওঁ এজন পুত্ৰ আৰু তিনি গৰাকী কন্যাসহ বহুতো আত্মীয় স্বজনক এৰি থৈ গৈছে।
তেওঁৰ মৃত্যুৰ পিছত হাতীধূৰা ব্লক কংগ্ৰেছ কমিটিয়ে দলীয় পতাকা অৰ্ধনমিত কৰি শোক প্ৰকাশ কৰিছে। কাইলৈ গ্ৰাহামপুৰত তেওঁৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি হাতীধূৰা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নূৰ আলম শ্বেখে জানিবলৈ দিয়ে।
ইপিনে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা মিথিয়াছ টুডুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ চাওতাল ছাত্ৰ সন্থাই। এক বিবৃতিত ছাত্ৰ সংগঠনটোৰ সভাপতি চাইমন কিস্কুৱে মিথিয়াছ টুডুৰ মৃত্যু জনগোষ্ঠীটোৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।