newsnextone.com | ডিজিটেল ডেস্কঃ ০১ জুনৰ পৰা দেশৰ কৃষক পুনৰ জাগিছে৷ স্বামীনাথন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰা, উৎপাদন বৃদ্ধি কৰা, সামগ্ৰীৰ উচিত দাম আদিৰ দাবীত শুকুৰবাৰৰ পুৱাৰে পৰা ১০ জুনলৈ চলিব এই আন্দোলন৷ ফল, পাচলি আৰু গাখীৰৰ যোগান বন্ধ কৰি এই আন্দোলন আৰম্ভ কৰিছে কৃষকে৷ পঞ্জাৱৰ কৃষকে উৎপাদিত সামগ্ৰীৰ যোগান বন্ধ কৰাৰ লগতে দেশৰ বহু ৰাজ্যত উৎপাদিত সামগ্ৰীৰ যোগান ১০ দিনলৈ বন্ধ ৰাখিব কৃষকে৷

কেৱল ইমানে নহয় ১০ দিনৰ বাবে কৃষক অধ্যুষিত গাঁও বন্ধ থাকিব৷ গাঁও বন্ধ কৰি কোনো লোক গাঁৱৰ পৰা বাহিৰলৈ ওলাই নহাৰ লগতে চহৰলৈ নায়ায় কৰিব এই প্ৰতিবাদ৷ কৃষকে ১ জুনৰ পৰা ১০ জুনলৈ গাঁও বন্ধ, ৫ জুনত ধিক্কাৰ দিৱস, ৬ জুনত শ্বহীদ স্মৰণ, ৮ জুনত অসহযোগ দিৱস, ১০ জনুত ভাৰত বন্ধ ৰাখিব৷

কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষক কৃষকসকলৰ বিষয়কলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷ ৰাহুল গান্ধীয়ে কৃষকসকলৰ অধিকাৰৰ বাবে কৰা যুদ্ধত কংগ্ৰেছে সদায় সংগ দিব বুলি মন্তব্য কৰে৷ 

ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ৷ কৃষকৰ আশানুসাধ্য পৰিশ্ৰম আৰু কষ্টৰ ফলত আজি ভাৰতবাসীয়ে শান্তিৰ দুবেলা দুমুঠি খাব পাই আছে৷ কিন্তু যিয়ে আমাক অন্ন যোগান ধৰিছে, তেওঁলোকৰ সুবিধা অসুবিধাসমূহৰ বিষয়ে কোনেও চিন্তা নকৰে৷ চৰকাৰে কৃষকসকলৰ স্বাৰ্থত কাম কৰিব বুলি নিৰ্বাচনী প্ৰচাৰ চলাই অৱশেষত প্ৰতিশ্ৰুতিৰ পৰা লুটিবাগৰ মাৰি অহা পৰিলক্ষিত হৈছে৷ 

চীন, জাপানৰ দৰে অন্যান্য ৰাষ্ট্ৰ সমূহে কৃষকৰ বাবে যি যি সুবিধা প্ৰদান কৰে, তাৰ আধা বা এক চতুৰ্থাংশও যদি ভাৰত চৰকাৰে কৃষকসকলক প্ৰদান কৰিলে হেতেন তেন্তে ভাৰতবৰ্ষৰ কৃষি ক্ষেত্ৰৰ অধিক উন্নয়ন হ’ল হেতেন৷ কিন্তু বৰ্তমান, কষ্টৰ উচিত দাম লাভ নকৰি প্ৰতি বছৰে হাজাৰ হাজাৰ কৃষকে আত্মহত্যাৰ পথ বাছি ল’বলগা হৈছে৷

কিন্তু লাহে লাহে কৃষকে চৰকাৰৰ ৰেহ ৰূপক লৈ বিতুষ্ট হৈ পৰিছে৷ নিজৰ অধিকাৰ দাবীত পথাৰ এৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে৷ কৃষক সকলক মৰ্যাদা প্ৰদান কৰি পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰিবলৈ কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে দাবী উত্থাপন কৰিছে৷ শেহতীয়াকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, কেৰেলা আদি ৰাজ্যৰ কৃষকসকলে ‘গাঁও বন্ধ’ আন্দোলন আৰম্ভ কৰিছে৷ 

১ জুনৰ পৰা ১০ জুনলৈ ১০ দিন ধৰি চলিবলগীয়া কৃষকৰ গাঁও বন্ধ আন্দোলনৰ সময়ত গাঁৱৰ উৎপাদিত সামগ্ৰী চহৰলৈ আমদানি কৰা বন্ধ থাকিব৷ বৃদ্ধ কৃষকক মাহে ৫ হাজাৰকৈ পেঞ্চন প্ৰদান, কৃষকৰ উৎপাদিত সামগ্ৰীৰ বজাৰ মূল্য বৃদ্ধি কৰা, কৃষি ঋণ মাফ কৰা আদি কেইবাটাও দাবী উত্থাপন কৰি কৃষক সমাজ আন্দোলনৰ বাবে সাজু হৈছে৷

কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কৃষকৰ গাঁও বন্ধ আন্দোলকৰ সমৰ্থন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীক্ষ্ন ভাষাৰে সমালোচনা কৰে৷ শনিবাৰে টুইট যোগে ৰাহুলে কয়, ‘‘আমাৰ দেশত প্ৰতিদিনে ৩৫ গৰাকী কৃষকে আত্মহত্যা কৰে৷ কৃষি ক্ষেত্ৰলৈ নামি অহা সংকটৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত কৃষক ভাইসকলে ১০ দিনৰ আন্দোলন কৰিবলৈ বাধ্য হৈ পৰিছে৷ আমাৰ অন্ন দাঁতাৰ অধিকাৰৰ এই যুদ্ধত তেওঁলোকৰ সৈতে থিয় হ’বলৈ মই ৬ জুনত মন্দচৌৰত এখন কৃষক ৰেলী সম্বোধন কৰিম৷’

উল্লেখ্য যে, মধ্য প্ৰদেশৰ মন্দচৌৰত যোৱা বৰ্ষৰ ৬ জুনত কৃষকৰ ওপৰত আৰক্ষীয়ে কৰা গুলি বৰ্ষণত কেইবাগৰাকীও কৃষক নিহত হৈছিল৷ ৰাহুল গান্ধীয়ে এই ঘটনাৰ প্ৰথম বাৰ্ষিকী উপলক্ষে মন্দচৌৰত কৃষক ৰেলী সম্বোধন কৰিব৷