ডিজিটেল ডেক্সঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ব্যক্তিগত অধিবক্তা মাইকেল ক’হেনৰ গৃহত দেশখনৰ তদন্তকাৰী সংস্থা এফবিআয়ে সোমবাৰে চলোৱা তালাচীত অগ্নিশৰ্মা হৈ পৰিছে ৰাষ্ট্ৰপতিগৰাকী। 

তালাচীত তদন্তকাৰী সংস্থাটোৱে মাইকেলৰ অস্থায়ী ঘৰৰপৰা পৰ্ণষ্টাৰ ষ্টৰ্মী ডেনিয়েলছক প্ৰদান কৰা ১৩০,০০০ ডলাৰৰ তথ্য-প্ৰমাণ সংগ্ৰহ কৰে।

নিজৰ ঘৰ আধুনিকীকৰণ কৰি থকাৰ বাবে মাইকেলে নিউয়ৰ্কৰ লোইউছ হোটেলত কোঠা ভাৰা কৰি আছিল। এফবিআয়ে তেওঁৰ কাৰ্যালয়তো তালাচী চলায়।

এফবিআইৰ এই কাৰ্যত অগ্নিশৰ্মা হৈ ৰাষ্ট্ৰপতি ট্ৰাম্পে হোৱাইট হাউছৰ পৰা কয় যে তদন্তকাৰী সংস্থাটোৱে তেওঁৰ অধিবক্তাৰ কৰ্যালয় আৰু বাসগৃহত তালাচী চলাই মৰ্যদা হানিকাৰক কাৰ্য কৰিছে।

এফবিআইৰ মুৰব্বী ৰবাৰ্ট মুৱেলাৰৰ নিৰ্দেশত চলোৱা এই তালাচীক ট্ৰাম্পে 'আমাৰ দেশৰ ওপৰত আক্ৰমণ' বুলি অভিহিত কৰিছে। তেওঁ লগতে সন্দেহ ব্যক্ত কৰি কয় যে মুৱেলৰে হয়তো ন্যায় বিভাগৰ বিশেষ অধিবক্তাজনক পদৰপৰা আঁতৰাবৰ বাবেই এনে কৌশল ৰচনা কৰিছে।

উল্লেখ্য যে, ট্ৰাম্প আৰু মুৱেলাৰৰ মাজত শীতল যুদ্ধ চলি থকা বুলি আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰচাৰ হয়। ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনৰ জিকাবৰ বাবে ৰাছিয়াৰ সহায় লোৱাৰ অভিযোগ তুলিছিল মুৱেলাৰে। এই সন্দৰ্ভত এফবিআয়ে তদন্ত চলাই আছে। সোমবাৰৰ এই তালাচীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৰু এটা মূৰকামোৰণি বৃদ্ধি কৰিলে।