ডিজিটেল ডেস্কঃ প্ৰতিদিনে নতুন নতুন ঘটনা পোহৰলৈ আহিছে বাবা ৰাম ৰহিমৰ৷ ধৰ্মগুৰুৰ মুখাখনৰ আঁৰৰ প্ৰকৃত চেহেৰাটো বেচিদিন ঢাকি ৰাখিব নোৱাৰিলে ভণ্ড বাবা ৰাম ৰহিমে৷ ডেৰা সচ্ছা চৌদাৰ প্ৰমুখ্য ৰাম ৰহিমে দেশত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ গঢ় দিয়া কুৰ্বানী গেঙটোৰ ঘটনা পোহৰলৈ অহাৰ পাছত এতিয়া ভণ্ড বাবাক চিনি পাবলৈ কাৰো বাকী নাই৷ পঞ্জাৱৰ অম্বালা পুলিচে কালি ডেৰা সচ্ছা চৌদাৰ কুৰ্বানী গেঙৰ সকলো পৰিকল্পনা নসাৎ কৰি পেলাবলৈ সক্ষম হয়৷ অম্বালা পুলিচে হিংসাকামী সংগঠনটোৰ পৰা ৩৮ লাখ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই ধন সমূহ সংগঠনটোৰ সদস্য সকলে মানুহক ধনদাবী কৰি সংগ্ৰহ কৰিছিল এই টকা বাবা ৰাম ৰহিমৰ নিৰ্দেশমৰ্মে খৰছৰ বাবে ৰখা হৈছিল বুলি পুলিচে জানিবলৈ দিয়ে৷ অম্বালা পুলিচৰ মতে ডেৰা সচ্ছা চৌদাৰ কুৰ্বানী গেঙে ঠায়ে ঠায়ে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ কিছুমান সাংক্ষেতিক শব্দ ব্যৱহাৰ কৰিছিল৷ গছপুলি ৰোৱা বুলিলে আত্মদাহ, পানী চটিওৱা বুলিলে পেট্ৰোল ঢালি জুই জ্বলোৱা, আৰু ফুল চিঙা বুলি কলে হত্যা কৰি পলোৱা আদি সাংক্ষেতিৰ শব্দ ব্যৱহাৰ কৰি ভুৱা ধৰ্মগুৰু ৰাম ৰহিমে সংগঠনৰ সদস্য সকলক নিৰ্দেশ দিছিল বুলিও পুলিচ সূত্ৰত প্ৰকাশ পাইছে৷ 

অম্বালা পুলিচে ২৫ আগষ্টত হিংসাত্মক কাৰ্যকলাপৰ উদ্ভৱ কৰাৰ সন্দেহত অশোক কুমাৰ নামৰ ব্যক্তিজনক আটক কৰাৰ পাছতেই এটা এটাকৈ খোল খাইছে ডেৰা সচ্ছা চৌদা আৰু ৰাম ৰহিমৰ বহু গোপন ৰহস্য৷ দেশত হিংসাত্মক পৰিস্থিতি উদ্ভৱ কৰাত অন্যতম ভূমিকা লোৱা অশোক কুমাৰৰ স্বীকাৰোক্তিত পঞ্জাৱ প্ৰশাসনে ৰাজ্যত সংঘটিত হব পৰা কেইবাটাও হিংসাপূৰ্ণ পৰিস্থিতি ৰুধিবলৈ সক্ষম হৈছে৷ 

অম্বালা পুলিচে অশোক কুমাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত মুলানা নামৰ চহৰখনৰ গৌলা অঞ্চলত অনুসন্ধান চলাই জয়ৰাম নামৰ ব্যক্তি এজনৰ ঘৰৰ পৰা ৩৮ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ পুলিচৰ  অনুসন্ধানৰ সময়ত জয়ৰাম নামৰ ব্যক্তিজন পলাই যাবলৈ সক্ষম হয় যদিও অম্বালা পুলিচে পুনীত নামৰ আৰোপী জনক আটক কৰে৷ জানিব পৰা মতে পুনীত পেচাত এজন উকীল আৰু ডেৰা সচ্ছা চৌদাৰ প্ৰমুখ্যৰ ঘনিষ্ঠও৷ ডেৰা সচ্ছা চৌদাৰ হিচাপ ৰক্ষক হিচাপেও পুনীত নামৰ ব্যক্তিজনে কাম কৰি আহিছে৷ 

অম্বালা পুলিচে জনোৱা মতে ২৫ আগষ্টত পঞ্চকুলাত পুনীত নামৰ অপৰাধীজনেই ডেৰা সমৰ্থকসকলক হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ কৰিবলৈ উচটনি দিছিল৷ আনহাতে পুনীতৰ দেউতাকো পেছাত এজন উকীল৷ অম্বালা আৰক্ষীয়ে সোধ-পোছৰ বাবে তেওঁকো আটক কৰিছে৷ 

কুৰ্বানী গেঙৰ দুই মুখ্য অপৰাধী অশোক আৰু পুনীতৰ আটকৰ পাছত ভণ্ড বাবা ৰাম ৰহিমৰ আৰু বহুতো গোপন ৰহস্যৰ খোল খাব বুলি আশংকা কৰা গৈছে৷ আনহাতে ভণ্ড বাবাৰ প্ৰকৃত স্বৰূপ ভক্ত সকলৰ সন্মুখলৈ অহাত এতিয়া ভক্ত আৰু সমৰ্থক সকলৰ মনত ভণ্ড বাবাৰ প্ৰতি ঘৃনাৰ উৎপত্তি হৈছে৷