সৰভোগঃ বাহুৱলী দ্বিতীয় সংস্কৰণত এনিমেশ্বন আৰু স্পেচিয়েল এফেক্টৰ কাম কৰা বিজু দাসক মঙলবাৰে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। দিনৰ ১১ বজাত বৰপেটা জিলাৰ সৰভোগ নগৰত থকা বৰনগৰ মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় এই  বিশেষ সম্বর্ধনা সভা।

এই সভাত মহাবিদ্যালয়খনৰ ৰাজনীতি বিভাগৰ প্ৰাক্তন ছাত্ৰ তথা বলিউদত প্ৰতিষ্ঠা লাভ কৰা বিজু দাসক সম্বৰ্ধনা জনোৱা হয়।বিজুৱে এছ এছ ৰাজমৌল্লী পৰিচালিত বাহুৱলী দ্বিতীয় সংস্কৰণত এনিমেশ্ব আৰু স্পেচিয়েল এফেক্টৰ কাম কৰি সন্মান কঢ়িয়াই আনিছে ৰাজ্যবাসীলৈ।

এই সভাখনৰ আদৰণি ভাষণ আগবঢ়ায় ৰাজনীতি বিভাগৰ প্ৰবক্তা ৰেজাউল কৰিম আহমেদ। সভাৰ উদ্দেশ্য বাখ্যা কৰে অধ্যক্ষ বিৰেণ কুমাৰ চক্ৰৱৰ্তী আৰু সভাপতিৰ দায়িত্বত থাকে পৰিচালনা সমিতিৰ সভাপতি ৰতিকান্ত দাস। বিজু দাসক এখন ফুলাম গামোচা, এটা জাপি, এখন শৰাই,এটা ফুলৰ থপৰ লগতে মানপত্ৰৰে সম্বর্ধনা জনায়