কোকৰাঝাৰঃ কোকৰাঝাৰৰ ৰাজহ চক্ৰ বিষয়া দ্বীপন বৰ্মনৰ উদ্যোগত আজি চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৬ গৰাকী মেধাবী দুখীয়া ছাত্ৰ-ছাত্ৰীক আৰ্থিক অনুদান দিয়াৰ লগতে আৰনাই, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনাও জ্ঞাপন কৰা হয়।

চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা এক অনুষ্ঠুপীয়া অনুষ্ঠানৰ যোগেদি হাইস্কুল শিক্ষান্ত পৰীক্ষাত দাৰিদ্ৰতাকো নেওচি সফলতা লাভ কৰা তথা ছয় গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰী ক্ৰমে কবিতা ৰায়, কাৰ্চেল লাক্ৰা, কৰ্ণ ৰায়, যুমেশ্বৰী বসুমতাৰী, দাহাল ব্ৰহ্ম আৰু ধীনেন বসুমতাৰীক চক্ৰ বিষয়া দ্বীপন বৰ্মনে সম্বৰ্ধনা আৰু আৰ্থিক অনুদান আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন উজ্বল হোৱাৰ কামনা কৰে।

চক্ৰ বিষয়া কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা দুখীয়া মেধাবী ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক সাহাৰ্য বিতৰণ অনুষ্ঠানত কাৰ্যালয়টোৰ সমূহ কৰ্মচাৰী উপস্থিত থকাৰ লগেত আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়, এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সহকাৰী শিক্ষা সম্পাদক চিবিচন নাৰ্জাৰীও উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত চক্ৰ বিষয়া দ্বীপন বৰ্মনে ভৱিষ্যতেও ছাত্ৰ ছাত্ৰীৰ বাবে এনেধৰণৰ উদ্গনিমূলক অনুষ্ঠানৰ আয়োজন কৰা হব বুলি সদৰী কৰিছে।

উল্লেখ্য যে অতি ভিতৰুৱা অঞ্চলৰ উক্ত ছয় মেধাবী ছাত্ৰ ছাত্ৰীক আছু আৰু এবছুৱে নিৰ্বাচন কৰি দিছিল। চক্ৰ বিষয়া দ্বীপন বৰ্মনৰ এনে উদ্যোগক শিক্ষাপ্ৰেমীয়ে প্ৰশংসা কৰিছে।