গুৱাহাটীঃ বহিৰাগত প্ৰতিষ্ঠানে সময়ে সময়ে অসমৰ শিক্ষিত যুৱক-যুৱতীক সংস্থাপন দিয়াৰ নামত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ কেতিয়াবা সংস্থাপন দি বিনা কাৰণত নিজ ইচ্ছামতে কামৰ পৰা উলিয়াই দিয়াৰো গুৰুতৰ অভিযোগ নথকা নহয়৷ শিক্ষিত নিবনুৱাক লৈ হেতালি খেলাই আহিছে বহুজাতিক কোম্পানীয়ে৷

এইবাৰ অসমৰ এগৰাকী শিক্ষিত যুৱকক অলা নামৰ প্ৰতিষ্ঠানটোৱে বিনা কাৰণত কামৰ পৰা উলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অলাৰ বাণিজ্য উন্নয়ন বিষয়া হিচাপে কৰ্মৰত মতিউৰ ৰহমান নামৰ যুৱকজনক হঠাৎ কামৰ পাৰ উলিয়াই দিয়ে৷

অলাৰ গুৱাহাটীৰ কাৰ্যালয়ত কৰ্মৰত মতিউৰ ৰহমানে ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে৷ জানিব পৰা মতে, যোৱা ২৪ মাৰ্চৰ দিনৰ ১২.৩০ বজাত অলাৰ মহানগৰীৰ কাৰ্যালয়ৰ মহানগৰ পৰিচালক ভাস্কৰ বৰাই তেওৰ কাৰ্যালয়লৈ মাতি নিয়ে মতিউৰক৷ 

মতিউৰৰ বিৰুদ্ধে অলা চালকক ফোন কৰি টকা বিচৰাৰ অভিযোগ উত্থাপন কৰে৷ কেৱল ইমানে নহয় বৈষম্যমূলক কথা-বতৰাৰে বিভিন্ন দাবী-ধমক দি মতিউৰক পদত্যাগ কৰিবলৈ বাধ্য কৰে৷ 

মিন্টু বৰা নামৰ অলা চালক এজনে বাণিজ্য উন্নয়ন বিষয়া কৌশিক শৰ্মা, দীপক দুলাল, গাণনিক দেৱজিত আৰু মতিউৰ ৰহমানৰ বিৰুদ্ধে ফোন কৰি টকা বিচৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ চাৰিগৰাকী লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যদিও কেৱল বৈষম্যমূলক ভাৱে মতিউৰক চাকৰিৰ পৰা উলিয়াই দিয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মতিউৰে৷

ৰহমানৰ অভিযোগ মৰ্মে তেওঁ অলা কাৰ্যালয়ৰ কৰ্মচাৰী যদিও তেওঁৰ দাযিত্ব কেৱল কাৰ্যালয়ৰ বাহিৰতহে৷ তেনে ক্ষেত্ৰত কাৰ্যালয়ত কৰ্তব্যৰত কৌশিক শৰ্মা, দীপক আৰু দেৱজিতৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰে৷ বৈষম্যমূলক ভাবে ৰহমান উপাধি হোৱাৰ বাবেহে তেওঁক কামৰ পৰা উলিয়াই দিয়া বুলি অভিযোগ উত্থাপন কৰে৷ ঘটনা সন্দৰ্ভত ৰহমানে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷