মিছামাৰীঃ শোণিতপুৰ জিলাৰ মিছামাৰীৰ গাভৰু নদীত আজি আবেলি বালি খান্দি থকা সময়তে জ্বলি উঠে এখন এক্সাভেটৰ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগি এক্সাভেটৰখনৰ ইঞ্জিনটো সম্পূৰ্ণৰূপে জ্বলি যায়৷
এক্সাভেটৰৰ সহায়কজনৰ ভৰিত জুই লগাৰ ফলত চিকিৎসাধীন হ’ব লগা হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে মিছামাৰী সামৰিক ঘাটিৰ গোলচক্ৰৰ সমীপত চিৰঞ্জীৱ নামৰ এটা নিৰ্মাণ কোম্পানী এটাই চলাই থকা নিৰ্মাণকাৰ্যত প্ৰয়োজনীয় বালি গাভৰু নদীৰ পৰা ট্ৰাকত এক্সাভেটৰখনেৰে খান্দি আছিল।
খনন চলি থকাৰ মাজতে এক্সাভেটৰখনত জুই লাগে আৰু চকুৰ সন্মুখতে ইঞ্জিনটো জ্বলি যায়। ইফালে বাহনখনৰ চালক স্বপন বৰদলৈ নিৰাপদে ৰক্ষা পৰে যদিও সহায়ক ফাৰুক আহমেদ ভৰিত জুই লগাৰ ফলত আহত হয়।
ঘটনাৰ খবৰ পোৱা মাত্রকে কোম্পানীটোৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ আহত ফাৰুক আহমেদক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। আনহাতে বাহনখনৰ জুই নুমুৱাবৰ বাবে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।
ইফালে মিছামাৰী থানাৰ আৰক্ষীয়েও খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয়। সম্প্ৰতি আহত ফাৰুক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।