newsnextone.com | ডিজিটেল ডেস্কঃ মুম্বাইৰ ওৰলিৰ এটি কেইবা মহলীয়া ফ্লেটত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়৷ বিল্ডিংত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দিপীকা পাডুকনে বসবাস কৰে বুলি জানিব পৰা গৈছে৷
ওৰলিৰ আভিজাত এলেকা ৰূপে জনজাত প্ৰভাদেৱীৰ বহু উচ্চতাৰ বিল্ডিংত অগ্নিকাণ্ড সংঘটিত হোৱাত হুৱা-দুৱা লাগে৷ ইতিমধ্যে ১০০গৰাকী লোকক উদ্ধাৰ কৰা হৈছে৷ কোনো লোকক হতাহত হৈছে নেকি সেই খবৰো পোৱা হোৱা নাই৷ অগ্নিকাণ্ডৰ সময়ত অভিনেত্ৰী দিপীকা নাছিল বিল্ডিংত৷ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ দিপীকাৰ লগতে আন আন শিল্পীৰো আবাস আছে উক্ত বিল্ডিংটোত৷
প্ৰভাদেৱী এলেকাৰ আপ্পাচাহেব মাৰাঠা মাৰ্গৰ কেইবামহলীয়া বিল্ডিংটোক ডি-মাউণ্ট নামেৰে জনা যায়৷ অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই৷ ৩২ নং মহলাত অগ্নিকাণ্ড সংঘটিত হৈছে আৰু তলৰ পৰা কেৱল ধোৱাহে দেখা গৈছে৷