চৌদিশে কেৱল জুই আৰু জুই! জ্বলিছে গছ-গছনি, জ্বলিছে অৰণ্য, চকুৰ পচাৰতে জ্বলি ছাই হৈ পৰিছে সপোনৰ ঘৰবোৰ। মুঠতে সুন্দৰ পাহাৰ আৰু ঘন অৰণ্যৰ বাবে পৰিচিত লছ এঞ্জেলছ এতিয়া প্ৰকৃতিৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে। ক’লা ধোঁৱা আৰু জুইৰ পোৰা পোৰা গোন্ধে ছানিছে আকাশ-বতাহ। কোনো কোনো ঠাইত ঘণ্টাত এশ কিলোমিটাৰ বেগেৰে বিয়পি পৰা জুইৰ লেলিহান শিখাই ছাই কৰি পেলাইছে ন ন অঞ্চল। আমেৰিকাৰ লছ এঞ্জেলছত এতিয়া জীৱন আৰু প্ৰকৃতিৰ সংকট!
বিগত কিছুদিনৰ পৰা বনজুইৰ কবলত পৰিছে লছ এঞ্জেলছ। পাহাৰৰ ঘন অৰণ্যৰ পৰা বিয়পি পৰা এই বনজুইয়ে আৱাসিক অঞ্চলত যেন বিভীষিকা নমাইছে। স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি, এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত কমেও এঘাৰ জন লোকৰ মৃত্যু ঘটিছে। জ্বলি ছাই হৈ পৰিছে হাজাৰৰো অধিক বাসগৃহ। কেইবাহাজৰ একৰ ভূমিত বিয়পি পৰা এই জুইৰ কবলৰ পৰা কেলিফৰ্ণিয়াত বাদ পৰি যোৱা নাই একো। লক্ষ লক্ষ মানুহে ঘৰ এৰি পলায়ন কৰিছে। ন ন অঞ্চললৈ বিয়পি পৰা জুইৰ বাবে আন প্ৰায় দুই লক্ষাধিক লোকক সুৰক্ষিত স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনোৱা হৈছে। লছ এঞ্জেলছৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে প্ৰশাসনে।
খবৰ অনুসৰি এই পৰ্যন্ত এই অগ্নিকাণ্ডই কেইবা হাজাৰ বিঘা বনাঞ্চল আগুৰি ধৰিছে। লছ এঞ্জেলছৰ প্ৰায় সকলো ডাঙৰ অঞ্চলতে ইয়াৰ প্ৰভাৱ দেখা গৈছে। ধোঁৱাৰ ডাঠ তৰপে মহানগৰীৰ আকাশ ছানি ধৰাৰ ফলত স্থানীয় প্ৰশাসন আৰু সাহায্য সংস্থাসমূহৰ বাবে পৰিস্থিতি অধিক প্ৰত্যাহ্বানজনক হৈ পৰিছে। অগ্নিনিৰ্বাপক বাহিনীৰ লগতে অন্যান্য উদ্ধাৰকাৰী দলে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা সম্ভৱ হোৱা নাই। আনহাতে অগ্নিকাণ্ডৰ পিছতে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। বন্ধ কৰি দিয়া হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পথ। তদুপৰি বায়ুৰ গুণাগুণৰ দ্ৰুত অৱনতি ঘটাত মানুহৰ মাজত সৃষ্টি হৈছে বিভিন্ন স্বাস্থ্য সমস্যাৰো।
লছ এঞ্জেলছৰ ইতিহাসৰ ভয়াৱহ বিভীষিকা
লছ এঞ্জেলছত বিধ্বংসী ৰূপ ধাৰণ কৰা এই বনজুইক এতিয়ালৈকে সংঘটিত হোৱা অন্যতম ভয়াৱহ ঘটনা বুলি অভিহিত কৰা হৈছে। উত্তৰ-পশ্চিম লছ এঞ্জেলছত অৱস্থিত পেচিফিক পেলিছাডেছ নামৰ অঞ্চলত এই বনজুইৰ সূত্ৰপাত ঘটিছিল। প্ৰথম অৱস্থাত ১০ একৰ ভূমি আগুৰি ধৰিছিল যদিও প্ৰচণ্ড বতাহ আৰু শুকান পৰিস্থিতিৰ বাবে কিছু ঘণ্টাৰ ভিতৰতে ২৯০০ একৰ মাটিত বিয়পি পৰে জুই। এতিয়া এই জুই ১৭,২০০ একৰ এলেকাত বিয়পি পৰিছে আৰু প্ৰতি মুহূৰ্ততে বাঢ়ি গৈ আছে ইয়াৰ দ্বাৰা প্ৰভাৱিত এলেকা। খবৰ অনুসৰি কোনো অঞ্চলত ঘণ্টাত এশ কিলোমিটাৰ বেগেৰে বিয়পি আছে এই জুইৰ শিখা।
এই ব্যাপক জুই প্ৰতিহত কৰিবলৈ কোনো ক্ৰুটি ৰখা নাই প্ৰশাসনে। অগ্নিনিৰ্বাপক বাহিনীয়ে দিনে নিশাই জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। ভয়াবহ অগ্নিকাণ্ডত আহত হৈছে বহু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানো। কিন্তু ৰক্ষ বতৰ আৰু বতাহৰ বাবে জুই নিৰ্বাপনৰ বিপৰীতে অদিক ক্ষীপ্ৰতাৰে বিয়পিবলৈহে আৰম্ভ কৰিছে।
এই অগ্নিকাণ্ডৰ ভয়াৱহতাই স্থানীয় জীৱনক প্ৰভাৱিত কৰাই নহয়, বিপুল ক্ষতিসাধন কৰিছে পৰিৱেশৰো। বিশেষজ্ঞসকলৰ মতে, এই অগ্নিকাণ্ডৰ ধোঁৱা সমগ্ৰ চহৰখনতে বিয়পি পৰিছে আৰু ইয়াৰ ফলত বায়ুৰ গুণাগুণ প্ৰভাৱিত হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ মতে, এই জুই ইমানেই তীব্ৰ যে ইয়াক সম্পূৰ্ণৰূপে নিৰ্বাপিত কৰিবলৈ কেইবা সপ্তাহো লাগিব পাৰে। কাষৰীয়া অঞ্চলত বসবাস কৰা লাখ লাখ লোকে ইয়াৰ ফলত ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছে। সাহায্য শিৱিৰত সৃষ্টি হৈছে বিৰ দি বাট নোপোৱা অৱস্থা।
ইফালে, অগ্নিনিৰ্বাপক বাহিনীৰ বাবে জুই নিৰ্বাপনৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান এই মুহূৰ্তত হৈ পৰিছে পানীৰ নাটনি। স্থানীয় প্ৰশাসনে নাগৰিকসকলক পানীৰ ব্যৱহাৰ সীমিত কৰিবলৈ আহ্বান জনাইছে, যাতে জুই নিৰ্বাপনৰ বাবে প্ৰয়োজনীয় সম্পদ সংগ্ৰহ কৰিব পৰা যায়। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকাৰ সেনাবাহিনীক সাহায্য অভিযানত সহায় কৰিবলৈ নিৰ্দেশ দিছে।
লছ এঞ্জেলছ কাউন্টিৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী এণ্টনি মেৰনে কয় যে এনে এক ভয়াবহ দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ কাউণ্টিৰ হাতত পৰ্যাপ্ত সম্পদৰ অভাৱ। তেওঁ কয় যে বৰ্তমান ২৪টা বিভাগ সাহায্যৰ কামত নিয়োজিত হৈ আছে যদিও প্ৰচণ্ড বতাহ আৰু শুকান বতৰে তেওঁলোকৰ প্ৰত্যাহ্বান আৰু অধিক বৃদ্ধি কৰিছে।
এই অগ্নিকাণ্ডত এই পৰ্যন্ত ১০০০ৰো অধিক বাসগৃহ আৰু অন্যান্য কাঠামো ধ্বংস হৈছে। স্থানীয় প্ৰশাসনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ৰাইজক সুৰক্ষিত স্থানলৈ যাবলৈ পৰামৰ্শ দিছে। শেহতীয়া খবৰ অনুসৰি, এই অগ্নিকাণ্ডই এতিয়ালৈকে এঘাৰজন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে লাখ লাখ লোকৰ জীৱন এই মুহূৰ্তত বিপন্ন হৈ পৰিছে।
হলিউডতো আতংক বনজুইৰ
লছ এঞ্জেলছৰ এই অগ্নিকাণ্ডই হলিউড হিলছৰ দৰে বিখ্যাত অঞ্চলসমূহকো আগুৰি ধৰিছে। এই অগ্নিকাণ্ডত এতিয়ালৈকে বহু চেলিব্ৰিটিৰ ঘৰকে ধৰি ৫৩০০ৰো অধিক অট্টালিকা ধ্বংস হৈছে। পেৰিছ হিল্টন, এডাম ব্ৰডি আৰু লেইটন মিষ্টাৰৰ দৰে চেলিব্ৰিটিয়ে হেৰুৱাইছে নিজৰ বহুমূলীয়া ঘৰ। বিধ্বস্ত হৈ পৰিছে হলিউডৰ গৌৰৱ ছানচেট বলিভাৰ্ড।
অস্কাৰৰ প্ৰাক্তন আয়োজক অভিনেতা বিলি ক্রিষ্টলৰ পেচিফিক পেলিছেডছত থকা বাসগৃহটোৰ এতিয়া কেৱল ৰৈ গৈছে জ্বলি যোৱাৰ পিছৰ ধ্বংসাৱশেষ। ঘৰ হেৰুৱাই সামাজিক মাধ্যমত বিলি ক্ৰিষ্টলে বিষাদ ব্যক্ত কৰি লিখিছে, “এই ঘৰটোতে ১৯৭৯ চনৰ পৰা মই বাস কৰি আহিছিলো। এতিয়া কেৱল ধ্বংসাৱশেষখিনিহে ৰৈ গৈছে। যেন মোৰ বুলিবলৈ তাত একোৱেই নাই। কিমান যে স্মৃতি জড়িত হৈ আছিল ঘৰটোৰ সৈতে!” আটোমটোকাৰিকৈ সজা বিলাসী আৱাস হেৰুৱাই শোকবিহ্বল হৈছে আন বহু চেলিব্ৰেটিও। ছ’চিয়েল মিডিয়াত অগ্নিকাণ্ডৰ ভয়াবহতা ব্যক্ত কৰি সংকট দূৰ কৰিবলৈ সহায়ৰো আহ্বান জনাইছে বহুতে।
লক্ষণীয় যে, এই অগ্নিকাণ্ডৰ ফলত বৃহত্ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে বীমা কোম্পানীসমূহ। এই অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষতিৰ সম্পূৰ্ণ মূল্যায়ন এতিয়াও নহ’লেও বিশেষজ্ঞ আৰু প্ৰকাশিত বাতৰি অনুসৰি এতিয়ালৈকে প্ৰায় ৮ বিলিয়ন ডলাৰৰ ক্ষতিৰ সন্মুখীন হৈছে লছ এঞ্জেলছ। ইফালে লছ এঞ্জেলছৰ অধিকাংশ অঞ্চলতে সম্পত্তিৰ উচ্চ মূল্যৰ পৰিপ্ৰেক্ষিতত এতিয়া তীব্ৰ হেঁচাৰ সন্মুখীন হ’বলগীয়া হৈছে বীমা কোম্পানীসমূহ। অনেকে দাবী কৰা মতে, এই অগ্নিকাণ্ড আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল অগ্নিকাণ্ড হিচাপে পৰিগণিত হ’ব।
অন্যহাতে এই অগ্নিকাণ্ডৰ বাবে অস্কাৰৰ মনোনয়নৰ তাৰিখো পিছুৱাই দিয়া হৈছে। পূৰ্বে এই মনোনয়ন ১৭ জানুৱাৰীত হ’বলগীয়া আছিল যদিও এতিয়া ১৯ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে। একাডেমী বঁটাৰ বিষয়াসকলে দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্তসকলৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে উদ্যোগৰ বহু সহকৰ্মীয়ে লছ এঞ্জেলছত বাস কৰে, যাৰ বাবে এই সময়খিনি সকলোৰে বাবে কঠিন সময়।
জুইৰ শিখা ইমানেই তীব্ৰ যে অগ্নিনিৰ্বাপক বাহিনীয়ে চেষ্টা কৰিও নিয়ন্ত্ৰণ কৰিব পৰা নাই ভয়াবহতা। কেলিফৰ্ণিয়া অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী ডেভিন আকুনাই কয় যে হলিউড হিলছত উপনীত হোৱা জুই নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অগ্ৰগতি অতি লেহেমীয়া। প্ৰচণ্ড বতাহ আৰু শুকান বতৰে জুই অধিক বিয়পি পৰাত সহায় কৰিছে।
বনজুইৰ ভয়াবহতাৰ পিছতে এতিয়া সম্পূৰ্ণৰূপে খালী কৰা হৈছে হলিউড হিলছৰ সমীপৰ অঞ্চলসমূহ। বহু লোকে সা-সম্পত্তি এৰি সুৰক্ষিত স্থানলৈ ঢাপলি মেলিছে, আন একাংশক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি আশ্ৰয় দিছে সাহায্য শিৱিৰত। এই মুহূৰ্তত প্ৰায় ১,৭৯.০০০ লোকে ঘৰ-সম্পত্তি এৰি পলায়ন কৰিবলগীয়া হৈছে। আন ২ লাখ লোকক সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে।
লছ এঞ্জেলছ কাউন্টিৰ শ্বেৰিফ ৰবাৰ্ট লুনাই পৰিস্থিতিৰ ভয়াৱহতাক “ট্ৰেজেডীৰ বাহিৰত” বুলি অভিহিত কৰে। তেওঁ কয় যে এতিয়াও বহু লোক নিৰুদ্দেশ হোৱাত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰাৰ বাবে ৫০০ৰো অধিক অগ্নিনিৰ্বাপক বাহিনী নিয়োগ কৰা হৈছে।
ইফালে খালী কৰা অঞ্চলসমূহত এতিয়া বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনাও। ধন-সম্পত্তি নিৰাপদ স্থানলৈ ঢাপলি মেলা লোকসকলৰ খালী ঘৰত আৰম্ভ হৈছে লুণ্ঠনৰ ঘটনা। ইতিমধ্যে লছ এঞ্জেলছৰ বিভিন্ন প্ৰান্তৰ পৰা ২০ জন লোকক ডকাইতি আৰু চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
কিয় জ্বলি আছে লছ এঞ্জেলছৰ অৰণ্য?
লছ এঞ্জেলছৰ বনজুইৰ আঁৰত কেইবাটাও ডাঙৰ কাৰণ আছে। বিশেষজ্ঞসকলৰ মতে যোৱা কেইমাহমানত বৰষুণৰ অভাৱ আৰু অত্যন্ত গৰমে অঞ্চলটো শুকান কৰি তুলিছে। ইয়াৰ ফলত গছ-গছনি শুকাই গৈছে আৰু ইয়েই জুইৰ বাবে ইন্ধন হিচাপে কাম কৰিছে। ইয়াৰ উপৰিও চান্টা আনা নামৰ প্ৰচণ্ড বতাহে জুই দ্ৰুতগতিত বিয়পি পৰাত সহায় কৰিছে।
ঘণ্টাত ৬০-৭০ মাইল বেগত ধুমুহাৰ সৈতে চান্টা আনা বতাহ দক্ষিণ কেলিফৰ্ণিয়াৰ ভিতৰৰ পৰা উপকূলৰ ফালে বয়। এই বতাহে মাটি অধিক শুকান কৰি তোলে আৰু জুই বিয়পাই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইবাৰ এই বতাহৰ তীব্ৰতা স্বাভাৱিকতকৈ বেছি হোৱাৰ বাবে জুই নিয়ন্ত্ৰণ কৰাটো অত্যন্ত কঠিন হৈ পৰা বুলি মন্তব্য কৰে বিশেষজ্ঞসকলে।
ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তন এই দুৰ্যোগৰ এক প্ৰধান কাৰণ। পৰিৱেশ বিশেষজ্ঞসকলৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে উষ্ণতা বৃদ্ধি আৰু অনিয়মিত বতৰৰ ফলত জুইৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। শেহতীয়াকৈ দশকজোৰা খৰাং পৰিস্থিতিৰ পৰা সকাহ পোৱা কেলিফৰ্ণিয়া এতিয়া নতুন দুৰ্যোগৰ সন্মুখীন হৈছে।
উল্লেখ্য যে, যোৱা কেইবছৰমানৰ পৰা কেলিফৰ্ণিয়াত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে এনেধৰণৰ ঘটনা। গৱেষকসকলৰ মতে জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ নকৰিলে ভৱিষ্যতে এনে ঘটনা অধিক ভয়াৱহ হ’ব পাৰে। বিশেষজ্ঞসকলে কয় যে বনাঞ্চলৰ ওচৰৰ আৱাসিক অঞ্চলত বসবাস কৰা লোকসকল এনে দুৰ্যোগৰ ফলত অধিক প্ৰভাৱিত হোৱাৰ আশংকা থাকে আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোক সদায় সাজু হৈ থাকিব।
প্ৰবল চান্টা আনা বতাহে জুই দ্ৰুতগতিত বিয়পি পৰাত সহায় কৰিছে। পেলিছাডেছ আৰু ইটনৰ দৰে অঞ্চলত এতিয়াও পৰিস্থিতি অতি বেয়া। হলিউড হিলছৰ দৰে কিছুমান অঞ্চলত জুইৰ তীব্ৰতা হ্ৰাস পাইছে যদিও এতিয়াও জুই নিয়ন্ত্ৰণৰ ভিতৰলৈ অহা নাই। দুৰ্যোগৰ ফলত যাতায়ত স্থবিৰ হৈ পৰিছে, হাজাৰ হাজাৰ ঘৰৰ বিদ্যুৎ বিচ্ছিন্ন হৈছে, বিদ্যালয় আৰু ৰাজহুৱা স্থান বন্ধ কৰি দিয়া হৈছে।