গুৱাহাটীঃ এম পি জুয়েলাৰ্ছৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ পিছত মহানগৰীৰ মাজ-মজিয়াত এইবাৰ সংঘটিত হ'ল গুলীচালনাৰ ঘটনা। শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত গীতানগৰ থানাৰ সমীপৰ চিনাকি পথত সংঘটিত হয় এই ঘটনা।

প্ৰত্যক্ষদৰ্শীসকলে সদৰী কৰা মতে, চাৰিজনীয়া দুজনীয়া দুৰ্বৃত্তৰ দল এটাই পথটোৰ ১৯নং গৃহত ভাৰতীয়া হিচাপে থকা অঞ্জন পাল নামৰ এজন লোকক লক্ষ্য কৰি গুলীচালনা সংঘটিত কৰে। ফলত অঞ্জন পালৰ পেটত গুলী লাগে। 

গুলীচালনা সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ দলটোৱে ততালিকে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয়। পেটত গুলী লগাত ঠাইতে ঢলি পৰে অঞ্জন। লগে লগে তেওঁক গুৱাহাটী চিকিত্সা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

আহত পাল 'ৰেডিয়েণ্ট' নামৰ এজেন্সী এটাত কৰ্মৰত বুলি জানিব পৰা গৈছে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত দায়িত্ব সামৰি কাৰ্যালয়ৰ পৰা গাড়ীৰে ঘৰ পাইছিল পালে। ঘৰ পোৱাত গাড়ীখনৰ চালকজনে গেট খুলিবলৈ লয় আৰু পালে গাড়ীৰ পৰা নামি আহে। লগে লগে উক্ত স্থানত পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্বৃত্তৰ দলটোৱে পাললৈ লক্ষ্য কৰি গুলীচালনা কৰি পলায়ন কৰে।

গীতানগৰ আৰক্ষী থানাৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগত দুৰ্বৃত্তই নিশা ১০ বজাতে এনেদৰে মুকলিকৈ গুলী ফুটাই পলায়ন কৰিবলৈ সমৰ্থ হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। ষ্ট্ৰীট লাইট নথকাৰ বাবেই উক্ত অঞ্চলটোত দুৰ্বৃত্তই সহজে এনে ঘটনা সংঘটিত কৰিবলৈ সমৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে ৰেডিয়েণ্ট নামৰ এজেন্সীটো এটিএমত ধন ভৰোৱাৰ সৈতে জড়িত। অৱশ্যে গুলীচালনা সংঘটিত হোৱাৰ সময়ত পালৰ সৈতে ধনৰ টোপোলা নাছিল বুলি জানিব পৰা গৈছে। সেয়া হ'লেও বিষয়টোক লৈ ৰহস্য ঘনীভূত হৈ পৰিছে।