ডিজিটেল ডেস্কঃ শুকুৰবাৰে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শাহিদ খাকান আব্বাছিয়ে গঠন কৰে নতুন মন্ত্ৰীসভা। অৱশ্যে এই মন্ত্ৰীসকলৰ অধিকাংশই নৱাজ শ্বৰীফ মন্ত্ৰীসভাত মন্ত্ৰীৰ দায়িত্বত আছিল।

ইয়াৰ মাজতে এক নতুন চমক দিয়ে আব্বাছিয়ে। আব্বাছিৰ আগ্ৰহতে চুবুৰীয়া দেশখনৰ মন্ত্ৰীসভাত প্ৰায় দুই দশকৰ অন্তত অন্তৰ্ভূক্ত হয় এগৰাকী হিন্দু মন্ত্ৰী।

এই মন্ত্ৰীগৰাকী হৈছে ৬৫ বৰ্ষীয় দৰ্শন লাল। তেওঁৰ ওপৰত ন্যস্ত কৰা হয় দেশখনৰ ৪খন প্ৰদেশৰ দায়িত্ব।

২০১৩ চনত দ্বিতীয়বাৰৰ বাবে PML-Nৰ টিকট লৈ সংসদলৈ নিৰ্বাচিত হৈছিল দৰ্শন লাল। সংখ্যালঘুৰ বাবে সংৰক্ষিত অাসনত জয়ী হৈছিল তেওঁ। পেছাত চিকিৎসক দৰ্শন লাল সিন্ধ প্ৰদেশৰ ঘোটকি জিলাৰ মীৰপুৰ মাথেলো চহৰৰ বাসিন্দা।

আব্বাছিৰ মন্ত্ৰীসভাৰ ৪৭ গৰাকী মন্ত্ৰীক কালি শপত বাক্য পাঠ কৰায় ৰাষ্ট্ৰপতি মামনুন হুছেনে। মুঠ ২৮ জন ফেডাৰেল আৰু ২৯ জন ৰাজ্য মন্ত্ৰীৰে নতুন মন্ত্ৰীসভা গঠন কৰে আব্বাছিয়ে।

ইফালে মন্ত্ৰীসভাত দুই দশকৰ অন্তত এজন হিন্দুক মন্ত্ৰী হিচাপে পাই সুখী অনুভৱ কৰিছে দেশখনৰ সংখ্যালঘু জনতাই। আব্বাছিৰ এই নতুন মন্ত্ৰীসভাখনে সংখ্যালঘুৰ আশা-আকাংক্ষাসমূহ পূৰণ কৰিবলৈ সমৰ্থ হ'ব বুলিও আশা প্ৰকাশ কৰিছে ভিন্ন মহলে।