ডিজিটেল ডেস্কঃ জুলাইৰ পৰা সলনি হ’ব দিল্লী বিশ্ববিদালয়ৰ ইংৰাজী সাহিত্যৰ পাঠ্যক্ৰম। আৰ আগাথা ক্ৰিষ্টি, জে কে ৰাউলিং, লুইছ এম এলকটৰ সৈতে সংযোগ হ’ব চেতন ভগতৰো নাম। লেখকগৰাকীৰ 'ফাইভ পইণ্ট ছামওৱান’ পঢ়ুওৱা হ’ব দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ পাঠ্যক্ৰমত।

এই অনুযায়ী, জনপ্ৰিয় কাল্পনিক উপন্যাস প্ৰশ্ন কাকতৰ সাধাৰণ বিষয় হিচাপে থাকিব চেতন ভগতৰ উপন্যাসখন। দুবছৰ পূৰ্বে দিল্লী বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা চইছ ভিত্তিক ক্ৰেডিট ছিষ্টেম(CBCS)ৰ মাধ্যমত এই উপন্যাসখন নিৰ্বাচিত কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ সৈতে থাকিব জে কে ৰাউলিঙৰ 'হেৰী পটাৰ এণ্ড দ্য ফিল’ছফাৰ্ছ ষ্টোন’।

দিল্লী বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তৰ বিষয়ে টুইটযোগে জানিবলৈ দিছে চেতন ভগতে। টুুইটযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে লেখকগৰাকীয়ে। ইয়াৰ পিছতে চেতনৰ উপন্যাস বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ বাবে যোগ্য নহয় বুলি উল্লেখ কৰি সৰব হৈ পৰিছে নিন্দুকসকল।

চেতন বিৰোধী এইসকলে লেখকজনৰ টুইটৰ প্ৰত্যুত্তৰ দিছে টুইটেৰে। চেতন বিৰোধীসকলৰ দাবী, 'বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰম হ’ব পৰাকৈ চেতনৰ উপন্যাস এতিয়াও মৰ্যাদাপূৰ্ণ হৈ উঠা নাই।’ ইয়াৰ প্ৰত্যুত্তৰো পুনৰ টুইটেৰেই দিবলৈ চেষ্টা কৰিছে বেষ্টছেলাৰ লেখক চেতন ভগতে।