নাৰায়ণপুৰঃ চেঁচা, দ্ৰোপাং, দিহিৰি আৰু পিছলা নৈ ফেনে-ফোটোকাৰে বাঢ়ি অহাত শংকিত হৈ পৰিছে নাৰায়ণপুৰবাসীক। কেইবাদিনো হোৱা মুষলধাৰ বৰষুণৰ ফলত নৈ কেইখনৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাত নদীৰ প্ৰবল সোঁতে ছিন্ন ভিন্ন কৰি তোলে কেইবাটাও অঞ্চলৰ কৃষি বান্ধ, মাথাউৰি, ৰাস্তা-ঘাট।
ফলত বহু লোকৰ ঘৰ-দুৱাৰ পানীত বুৰ গৈছে। বহু হাজাৰ হেক্টৰ কৃষি ভূমি বানত ডুব যোৱাত খেতিয়ক সকলে এতিয়া মূৰে-কপালে হাত দিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। বাঢ়নী পানীয়ে অঞ্চলটোৰ ৩০ খনতকৈ অধিক গাঁৱৰ প্ৰায় ১০,০০০ লোকৰ বিস্তৰ ক্ষতি সাধন কৰিছে।
বানে গৰকা অঞ্চলসমূহত একপ্ৰকাৰ স্তা-ঘাটৰ চিন-চাবেই নোহোৱা হৈ পৰিছে। ফলস্বৰূপে অঞ্চলটোৰ ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী, দিনহাজিৰা কৰা লোক সকলৰ আহ-যাহৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। আনফালে গৰু-ছাগলীৰ খাদ্যৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে।
কৃষি বান্ধ আৰু মাথাউৰি সমূহ নিৰ্মান কৰোতে কিছু পঞ্চায়ত আমোলা বা ঠিকদাৰে ধন আত্মসাৎ কৰাৰ মনোবৃত্তিৰে আবন্তিত ধনৰ ৩০-৪০% টকাৰে অতি নিন্ম মানদণ্ডৰে নিৰ্মান কৰাৰ বাবেই পানীৰ সামান্য সোঁততে ভাগি পৰিছে বুলি একাংশ কৃষক, বানপীড়িত লোকে অভিযোগ তুলিছে।