বাঘবৰঃ বৰপেটা জিলাৰ বাঘবৰ-জনীয়া সমষ্টিৰ প্ৰায় শতাধিক গাঁও প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে। কেইবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদী আৰু বেঁকী নৈ ফেনে-ফোটোকাৰে ওফন্দি উঠাত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে।

বাঢ়নী পানীয়ে ইতিমধ্যে বাঘবৰ আৰু কলগাছিয়া ৰাজহ চক্ৰৰ শতাধিক গাঁৱৰ লোকে ঘৰ-দুৱাৰ, বিদ্যালয় আদি বুৰাই পেলাইছে। বাঘবৰৰ, শিলোচী পাথাৰ, বালাজান, সেউৰাভিটা, মৰাভাজ, সাতমূখী ৰামাপাৰা, সোণাবাড়ী, সত্ৰকণৰাৰ লগতে জনীয়াৰ সাওঁৰাচৰা পাথাৰ, কইমাৰী, শিতুলী, ছিধনী আদি গাঁও এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে।

গাঁওসমূহৰ  প্ৰায়বোৰ বাট-পথ পানীত বুৰ যোৱাত তুলুঙা নাৱেৰে আহ-যাহ কৰি আহিছে৷ ক্ৰমান্বয়ে নৈ সমূহৰ পানী বাঢ়ি অহাত খাদ্য সংকটত পৰিছে পশুধনৰ লগতে বানাক্ৰান্ত ৰাইজ৷

বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতো খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ। ইফালে বানৰ সময়তে জনীয়া সমষ্টিৰ সাওঁৰাচৰা পথাৰত দুটি পৰিয়ালৰ ঘৰ-দুৱাৰ নিমিষতে নৈৰ বুকুত জাহ যায়৷ জানিব পৰা মতে, এমাহৰ ভিতৰত জনীয়া সমষ্টিৰ সাঁওৰাচৰা পথাৰত প্ৰায় ২০টা পৰিয়াল গৃহহীন হৈ পৰিছে।