newsnextone.com | গুৱাহাটীঃ যোৱা কেইবাটাও দিন ধৰি বানৰ কৱলত পৰি উত্তৰ পূৰ্বাঞ্চলৰ চাৰি খন ৰাজ্যৰ কেইবা হাজাৰ লোকে হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছে৷ বহু পৰিয়ালে সকলো হেৰাই চকুলো টুকি দিন পাৰ কৰিছে উত্তৰ পূৱৰ অসম, মণিপুৰ আৰু ত্ৰিপুৰা, মিজোৰাম ৰাজ্যৰ কেইবা খনো জিলাৰ লোকে৷ অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চল, হোজাই জিলা, বৰাক ভেলীৰ কৰিমগঞ্জ-হাইলাকান্দি জিলা, গোলাঘাটৰ বোকাখাত-কাজিৰঙা অঞ্চল বছৰৰ প্ৰথমটো বানৰ কৱলত পৰে৷

হাইলাকান্দিত জিলাৰ বহিঃজগতৰ সৈতে যোগাযোগ বন্ধ হৈ পৰে। বানত ক্ষতিগ্ৰস্ত প্ৰায় ডেৰ লাখ লোক। বন্যাৰ্তৰ সহায়ৰ বাবে বায়ুসেনাৰ হেলিকপ্তাৰ ব্যৱহাৰ প্ৰশাসন। অসমৰ চৰকাৰে বানাক্ৰান্তৰ বাবে শিবিৰ স্থাপন কৰিব লগা হয়৷ কাছাৰ জিলা প্ৰশাসনে সকলো পৰীক্ষা বাতিল কৰিব লগা হৈছে৷ শিক্ষানুষ্ঠান সমূহ ডুব যোৱাত জিলা প্ৰশাসনে এই সিদ্ধান্ত লয়৷ ইপিনে হোজাই জিলাত শিবিৰ সমূহত পৰ্যাপ্ত খাদ্য সামগ্ৰী নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ হোজাই জিলাত কৃষকৰ কেইবা শ বিঘা ধান খেতি নষ্ট হয়৷ 

 

আনহাতে চুবুৰীয়া ৰাজ্য মণিপুৰ ভয়াবহ বানৰ কৱলত পৰি আজিও ৰাইজে ককবকাব লগা হয়৷ ৰাজধানী ইম্ফল, কাচিঙকে ধৰি কেই ঠাইত বানে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিছে৷ ইম্ফল নগৰৰ লগতে ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত হৈ পানী হোৱাত যাতায়াত ব্যৱস্থা আজিও ব্যাহত হৈ পৰে৷ চহৰ খনত ৰাজ্য প্ৰশাসনৰ মুখ্য কাৰ্যালয় সমূহ আছে যদিও কাৰ্যালয় চৌহদ পানীয়ে বুৰাই পেলোৱাৰ ফলত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ একপ্ৰকাৰ প্ৰশাসন যন্ত্ৰ যোৱা চাৰিদিন ধৰি অচল হৈ পৰে৷ 

আনহাতে অসম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ডুব গৈছিল যদিও যোৱা ২৪ ঘণ্টাত পানীৰ পৰিমাণ কমা পৰিক্ষিত হয়৷ সৰু-বৰ গাড়ী-মটৰ আহ-যাহত পুনৰাই আৰম্ভ হয়৷ কাচিঙত দেওবাৰে পুৱাৰে পৰা বৰষুণ দিয়াত পুৱাৰে পৰা পানী দ্ৰুত গতিত বাঢ়ি অহাত স্কুল-কলেজ, একাংশ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ ৰাখিব লগা হয়৷ নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো নৈৰ পানী বাঢ়ি অহাত ৰাজধানী চহৰ ইম্ফলৰ সৈতে সংযোগ ঘটোৱা কেইবাটাও পথত বৰ্তমানেও যাতায়াত বন্ধ হৈ আছে৷ 

ঐতিহাসিক জিৰিবাম পথত ভূমিস্খলনৰ ফলত পথটোৰ এটা বৃহৎ এলেকা খহি পৰিছিল যদিও সেয়া প্ৰশাসনে মোৰমতি কৰে৷ ৰাজধানী ইম্ফলৰ লগতে ভিতৰুৱা ঠাইসমূহো বানৰ কৱলত পৰি বহু পৰিয়াল গৃহহাৰা হোৱাৰ বাতৰি পোৱা গৈছে৷

উত্তৰ পূৱৰ ৰাজ্য ত্ৰিপুৰা ভয়াবহ বানৰ কৱলত পৰিছে৷ ৰাজধানী আগৰতলাৰ লগতে চব্ৰুম আৰু বেলনীয়া অঞ্চলৰ বানত বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে৷ নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম ত্ৰিপুৰাৰ গোমতী নৈকে ধৰি কেইবাখনো নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাত নিশাৰ ভিতৰতে বহু অঞ্চল ডুবাই পেলায়৷ মানুহৰ ঘৰ আৰু ৰাজপথ ডুবাই পেলোৱাৰ ফলত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাজপথত নাও চলাব লগা হৈ পৰে৷ চৰকাৰে বানাক্ৰান্তক সাহায্য দিয়াৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে প্ৰশাসনক৷ 

ইয়াৰ পূৰ্বে মে’ মাহত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত আবতৰীয়া বানত ৬ গৰাকী লোকৰ মৃত্যু হৈছিল৷ নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত বহু অঞ্চল জলমগ্ন হৈ পৰাৰ ফলত হাহকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ গৃহহাৰা হৈ ১৭,৮৪০ জন লোক শিবিৰত থাকিব লগা হৈছিল৷ ৰাজধানী আগৰতলা, পশ্চিম ত্ৰিপুৰাৰ খোওৱাই, গোমটী জিলা ক্ষতিগ্ৰস্ত হৈছিল৷